0 00 1 min 2 yrs 37

হথাৎ প্ৰচণ্ড ধুমুহা বলিল – – –
উজুটিত হামখুৰি খাই পৰিল
মানৱতা- – -!
চূৰ্ণ-বিচূৰ্ণ হৈ গ’ল 
দৰ্প—,অহংকাৰ—!!
আয়ত্তৰ সীমা ৰেখা ভেদি
“নিজে সৰজি নিজে আচৰিত”– –!!
তধা লগা পা পৰিল
“মেৰিয়ানা”ৰ গভীৰ খাদত ৷
নিপাত যা–,যা তাতেই নিপাত যা —
ৰাহি ৰোৱা বিশ্ব বাসীৰ
ফুলক আশ্বাসৰ ফুল ৷
বুকুত ৰু-ৰুৱাই বলি ৰ’ল
এটা নি-দা-ৰু-ণ কবিতা ৷
। । ****  ****  ****
   ৰূপা গগৈ

Leave a Reply

Your email address will not be published. Required fields are marked *