সকলো চিন্তা বাদ দিয়া,
এমাহৰ বাবে মোৰ হৈ চোৱা
মোৰ কথা শুনা
এমাহৰ বাবে মোৰ হৈ চোৱা
ৰাতিপুৱা প্ৰথম মেচেজ টো মোক দি চোৱা
জান, দেহা বাৰু পিছতেই কোৱা
ৰেড হাৰ্ট ৰ ইমজিটো এবাৰ দি চোৱা
বুটাম বন্ধ হৈ থকা চাৰ্ট টো লাগিলে পিছত খুলা
এবাৰ তোমাৰ বিচনাৰ কাষৰ খিৰীকি খন খুলি দিয়া
সকলো চিন্তা বাদ দিয়া
এমাহৰ বাবে মোৰ হৈ চোৱা। ।
গা ধুলা নাই
পিছত সুধিবা বাৰু
কিবা খালা নে নাই
এবাৰ সুধি চোৱা
মোক তোমাৰ দুবাহুৰ মাজত নালাগে বাৰু
কিন্তু ভীৰৰ মাজত এবাৰ হাতখন খামোচি ধৰা
সকলো বাদ দিয়া
এমাহৰ বাবেই প্লিজ মোৰ হৈ চোৱা।।
দিনটো মোক মিচ কৰি
তাজমহল বনাই দিয়াৰ সপোন নেদেখো বাৰু
কিন্তু এবাৰ ফোন কৰি মিচ ইউ বুলি কৈ চোৱা
কাৰ লগত আছা সোধাতো জৰুৰী নহয় বাৰু
কিন্তু কি কৰিছা বুলি এবাৰ সুধি চোৱা
সকলো চিন্তা বাদ দিয়া
এমাহৰ বাবে মোৰ হৈ চোৱা।
সন্ধিয়াবোৰ কোনো ডি জে ক্লাবত নালাগে বাৰু
ঘৰতেই মোক গান এটা শুনিবানে বুলি এবাৰ প্ৰশ্ন কৰা
দামী ৰেষ্টুৰেন্টৰ দামী বস্তু খোৱাৰ হাবিয়াস নাই বাৰু
কিন্তু ডাইনিঙত বহি দিনটোৰ বিৱৰণ এবাৰ দি চোৱা
ৰাতিবোৰ যৌনতাৰ খাতিৰত কটাব নিবিচাৰো বাৰু
মোৰ হাত ধৰি সেমেকা ৰাস্তাত এবাৰ লং ৱাকত ব’লা
তোমাৰ লগত ৰিলেশ্ব্যনশ্বিপ নালাগে মোক
কিন্তু এবাৰ ভাল পাওঁ বুলি কৈ চোৱা
জীৱনৰ বাবে নহ’ লেও
তোমাৰ জীৱনৰ এটা মাহ মোক দি থৈ যোৱা…. ।।
✒ পৰিক্ৰমা বৰা, যোৰহাট