আজি পবিত্ৰ ভাদ মাহৰ প্ৰথম দিন।কভিদৰ নীতি নিয়ম মানি ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত আজিৰে পৰা আৰম্ভ হৈছে মাহযোৰা পালনাম। সমগ্ৰ ৰাজ্যত কভিড মহামাৰিৰ বাবে বিগত দুটা বছৰত ঐতিহাসিক ঢেকীয়া খোৱা বৰনাম ঘৰত অনুস্তুপীয়াকৈ পাল নাম আয়োজন কৰিব লগা হৈছিল। কিন্তু এই বৰ্ষত জিলা প্ৰসাশনে কিছু শিথিলতা কৰি দিয়াত ভক্ত সকলৰ মন উৎফুল্লিত হৈ পৰিছে।হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ঢেকীয়াখোৱা বৰনামঘৰৰ চৌপাশ।ঘন্টাত ২০ জনকৈ ভক্তক কভিড নিয়ন মানি নামঘৰত প্ৰৱেশ কৰাত অনুমতি প্ৰদান কৰিছে বুলি পৰিচালনা সমিটিয়ে অৱগত কৰিছে ||
দেৱজিৎ বৰা।