0 00 1 min 11 mths 11
 নাগৰিকত্ব সংশোধনী আইন, ই‌আই‌এ বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিল ছাত্ৰ সংগঠন। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ওদালগুৰি জিলা সমিতিয়ে ওদালগুৰি চহৰৰ মাজমজিয়াত ৰূপায়ন কৰে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী‌‌। হাতে-হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে কা’ আমি নামানো, ই‌আই‌এ বাতিল কৰক, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ ইত্যাদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। কা’ বাতিল নহ’লে পুনৰ অসমৱাসী ৰাইজ ৰাজপথলৈ ওলাই অহাৰো হুংকাৰ প্ৰদান কৰে। ইফালে সংগঠনটোৰ দীৰ্ঘদিনীয়া দাবী ইনাৰ লাইন পাৰমিট প্ৰৱৰ্তন কৰাৰো দাবী উত্থাপন কৰে সংগঠনটোৱে।
                                                  
মাজবাটৰ পৰা কুশল ভৰালী ৰ প্ৰতিবেদন

Leave a Reply

Your email address will not be published. Required fields are marked *