0 00 1 min 3 yrs 138

পুনি মই আই পিতাইৰ দৰে হ’বলৈ এতিয়াও যুঁজিয়েই চোৱা নাই

আনক কৈ থাকোঁ আই পিতাইৰ দৰে হ’বলৈ মন যোৱাৰ কথা
অথচ তেওঁলোকৰ সত্বাত নিজক থিয় কৰিবলৈ ভেঁটি গঢ়িছো ভৱিষ্যত অথবা বৰ্তমানৰ
এতিয়া আমিবোৰে প্ৰতিবাদ কৰোঁ তেওঁলোকৰ আবেগ অনুভৱক 
জীয়াই থকাৰ আশাবোৰত 
বুকুত বিষ হোৱাকৈ শান্তনা দি আছোঁ
সহ্য কৰিব পৰাতো তেওঁলোকৰ আদিম পৰিচয়
 জীৱনৰ প্ৰথম সংগ্ৰাম 
আমিবোৰৰ দৰে তেওঁলোক কোনো কালেই নহয় 
এবাৰ হাৰিয়েই ভাগৰুৱা হওঁ
হৰাৰ কাৰণ বুজিবলৈ আজিও চেষ্টা কৰিছোঁ জানো
কেৱল জিকাৰ ফৰ্মূলাৰ পিচা কৰিছোঁ
সূৰ্যমুখী সপোন দুচকুত গুজি দিয়া
 দিন ধৰি আমিবোৰ স্বাধীন
আমাৰ একো নাই
অথচ আমিবোৰ নাচোৰবান্দা 
মইবৰ মইবৰ বেমেজাজি আধুনিকটোত
আমাক সজাই পৰাই সংস্কাৰিত কৰিও তেওঁলোক বদনামী 
কি দিছোঁ আমি আই পিতাইক
না ভালকৈ খাইছে
না ভালকৈ টোপনিছে
নে আমি ভালকৈ খোৱাইছো পিন্ধাইছো
আমি কিমান কৰ্তব্যপৰায়ণ 
কোনে আমাক দায়িত্বশীল কৰিছে
আমি কিমানে আপোনা-আপুনি আচৰণ সংশোধন কৰিবলৈ সক্ষম হৈছোঁ
নে সভ্য নাগৰিকৰ পোচাক পৰিধান কৰি আমি লাজ পাইছোঁ আজলী আইজনীক পৰিচৰ্যা কৰিবলৈ
কেতিয়াবা আপুনি মই খোৱাই পাইছোঁ জানো পিতাইক অন্তৰ জুৰপেলোৱাকৈ এসাঁজ
আই পিতাইৰ আঙুলি চুপি চুপি ভোক নিবাৰন কৰা কথাবোৰে আপোনাক শৈশৱ ঘূৰাই দিছেনে 
আমি লাজ কৰোঁ ক’লা কুৰটাৰ পিন্ধি আইজনীক
ভি আই পি  সমাজত লৈ ফুৰিবলৈ
তেওঁলোকক আমি আমাৰ দৰে কিমান স্বাধীনতা দিবলৈ শিকিছো
আনক দেখুৱাই আমিবোৰে
জোখতকৈ বেছি মৰম কৰা
আলপৈচান ধৰাৰ ভেকুভাওনা আৰু কিমান কৰিম
বয়সক সন্মান কৰিবলৈ তেওঁলোকৰ পৰাই শিকি
আজি আকৌ তেওঁলোকেই
অসহায় কৰি তুলিছো
ফাটি যোৱা কলিজাত জেতুকা পিন্ধি ঘূৰি ফুৰা সাহস তেতিয়াৰ পৰাই
পাইছিলো
একগোট হৈ জীয়াই থাকিবলৈ শিকোৱা আই পিতাই আজি অকলশৰীয়া
নিজক সুখী কৰা সুবিধাৰ্থে
যান্ত্ৰিকতাৰ বোকোচাত উঠি আমি নিৰাপদৰ জয়গান গাইছো
আমাৰ জীৱন নদীৰ নৌকাখনৰ গুৰি বঠা পোনাই পোনাই আজিও তেওঁলোক ৰণুৱাঘোঁৰা 
কিন্তু আমিবোৰ ,,,
আমিবোৰ মস্ত গোৱা।
কনমইনা দাস 

Leave a Reply

Your email address will not be published.