0 00 1 min 2 yrs 46

মোৰ দৰে কত চেমিমে মাতৃক হেৰুৱাৰ কষ্টত নিজক শাসকীয় বৰ্বৰতাৰ গুলিত জীৱনক আনন্দৰে বিদায় দিছে সেই কথা নকলেও হ’ব

মই নহ’লেও জোন বেলি ওলাই থাকিব
শোষণৰ বিৰুদ্ধে প্ৰতিবাদ চলি থাকিব
মোৰ মৃত্যুৱে হাজাৰজন অসমীয়াক সুৰক্ষা কৰিবলৈ বিনাদ্বিধাই সাজু হৈ উঠিব
মই নোহোৱাৰ বাবে দোষ লগা নাই
ভাষা জাতি মাটি ভেঁটিৰ বাবে আজিও কানসাৰ নিদিয়াত লজ্জিত হৈছোঁ
মোৰ আজলী আইজনীয়ে ৰাজপথত চটফটাই আছে
মোৰ ‘শ’ টো ক’ত থব 
আজি অসমৰ চৌদিশে হাহাকাৰ
ৰাজপথ মৰিশালি
দহমাহ দহদিন গৰ্ভত পোহপাল দি প্ৰসৱ যন্ত্ৰণাত জী তোলা কিমানৰ কেঁচা তেজ পি খালি হিচাপ ৰখা হ’ল জানো
যাক প্ৰয়োজন হোৱা নাই
তাক বলপূৰ্বক ভাৱে জাপি দি 
গাত কি ৰং সানিব বিচাৰিছে বুজি পোৱা নাই
অসমীয়াক অট্টহাস্য কৰি 
নিজে আকাশলংঘী সপোন দেখিছে
আৰু আমোবোৰৰ সপোন কাঢ়ি নি শাসনৰ গাদিত ভণ্ডামিত নাচোৰবান্দা
আমিবোৰ অসমীয়া
কাছ শহাৰ খেল খেলাৰ অভ্যাস নাই আমাৰ
আনক সন্মান কৰিব জানো
বিদেশী বাংলাদেশীক নিজে নাখাই এসাঁজ খোৱাব পৰা শকতি আছে
কিন্তু তাহাতৰ বোজা পিঠিত ল’বলৈ অপৰাগ
কেনেকৈ গোঁজকেই  গজালি মেলিবলৈ দিম
চোৰ গ’লে বুদ্ধি বৰষুণ গ’লে জাঁপিৰ প্ৰলোভনত অসমীয়াই বহুত হেৰুৱালে এতিয়া আৰু প্ৰতিটো খোজতেই অভিজ্ঞতাৰে চহকী
নিৰ্বাচনী বতাহজাকত আৰু কিমান লোভনীয় টোপ বিলোৱাৰ কৌশল ৰচনা কৰি 
জাতি মাটি ভেঁটিত পৰজীৱী বীজ ৰোপিত কৰিব
অসমীয়া জাগিছে 
পুত্ৰ হেৰুৱাই দেশ জাতি বচাবলৈ ওলাই আহিছে
জীৱন দিবলৈ কুণ্ঠাবোধ নকৰা  অসমীয়া জাতিয়ে
শোষণৰ বাবে ভয় নকৰে
ৰঙাচকু তচনচ কৰিবলৈ কেই পল লাগে সেই দোহাৰিবলৈ জানো সময় অভাৱ হৈছে
মই চেমিমে কৈছোঁ
সাৰে আছে মোৰ আই
সাৰে আছে মোৰ জাতি
কদাচিতো খিলঞ্জীয়াই
নিদিয়ে ভাষা,মাটি ভেঁটি
লাগিলে চেমিমৰ দৰে 
হাজাৰজনৰ বুকুত গোলি ফুটাই ভয়ৰ নাটক ৰচনা নকৰক
মোৰ আই আজিও শংকিত
 মোৰ সন্তানক ক’ত থৈ যাম 
কত থৈ যাম  মোৰ বংশৰ উত্তৰসূৰীক
এই ভয়টোত গোটেই ৰাজপথটোত ধৰফৰাই  আছে।
কনমইনা দাস, বেলগুৰি দেৰগাঁও, যোৰহাট

Leave a Reply

Your email address will not be published. Required fields are marked *