
সোমবাৰৰ সন্ধিয়া কামপুৰৰ ঘিলানী আটি গাঁৱত এক শোকাবহ ঘটনা সংঘটিত হয়।
জানিব পৰা মতে বেজিয়া দাস নামৰ প্ৰায় চল্লিশ বছৰীয়া লোকজনে দিনৰ ভাগত বজাৰ কৰিবৰ বাবে গৈছিল।
কিন্তু পথটো কপিলীৰ বাঢ়নি পানীত ডুব গৈ থকাত লোকজন সন্ধিয়া সময়ত ঘৰলৈ বুলি আহি থকাৰ সময়ত পানীয়ে উটুৱাই লৈ যায় ।
ইয়াৰ পাছতে লোকজন সন্ধানহীন হৈ পৰে।
পাছত স্থানীয় ৰাইজে লোকজনক পানীৰ পৰা উদ্ধাৰ কৰি কামপুৰ আৰক্ষীৰ সহযোগত চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰন কৰিছে।
(খাইৰুল )