0 00 1 min 4 yrs 222

 শব্দ আৰু অৰ্থৰ সহযোগত বা শব্দই সৃষ্টি কৰা অৰ্থৰ মিলনত, যদিহে সৌন্দৰ্যৰ সৃষ্টি হয় আৰু, সি পাঠকৰ প্ৰাণ আহ্লাদিত কৰিব পাৰে — তেতিয়াহে সি স্বৰূপাৰ্থত কাব্য হয় ৷
“কেতেকী চৰাইজনীয়ে মাতিছে” —  ইয়াত ব্যৱহৃত শব্দ কেইটাত একো ৰমণীয়তা নাই, ই কেৱল এটা সংবাদহে ৷ আনকি, শব্দ কেইটাই অৰ্থৰ একো ৰং চৰোৱা নাই আৰু, অৰ্থটোৱেও শব্দকেইটাক একো নতুন শক্তি বা সৌন্দৰ্যৰ আধাৰ কৰি তুলিব পৰা নাই ৷ কল্পনা বা স্মৃতিৰ সহায়তহে চৰাইজনীয়ে মতা শুনো — শব্দৰ সহায়তাত নহয় ৷
“ সমীৰত পমি যায় কেতেকীৰ সুৰ” (যতীন্দ্ৰনাথ দুৱৰা) — পানীত চেনি পমি যোৱাৰ দৰে, কেতেকীজনীৰ মৌসনা মাতো বতাহত মিলি গৈ ক’ৰবাত বিলীন হয় ৷ ইয়াত, শব্দৰ শোভন প্ৰয়োগত এটি ৰমণীয় অৰ্থৰ উৎপত্তি হৈছে ৷ ‘সমীৰ’, ‘পমি’ আদি কোমল-কান্ত শব্দাৱলীয়ে সঙ্গীতৰ মাধুৰ্য আনি দিয়াৰ লগে লগে, এটি সুন্দৰ চিত্ৰও দাঙি ধৰিলে ৷ শব্দই, এনেকৈয়ে অৰ্থৰো সৌন্দৰ্য বঢ়ায় ৷
অৰ্থ-সম্ভাৰেই কবিতাৰ প্ৰাণ, শব্দ-সম্ভাৰ কেৱল আলম্বনহে ৷ 
কেৱল ছন্দ বা কবিতাৰ শব্দ-সজ্জাই কবিতাৰ শৰীৰত প্ৰাণৰ সৃষ্টি কৰিব নোৱাৰিবও পাৰে ৷ প্ৰাণহীন কবিতাৰ আয়ুসো হ’ব পাৰে — জন্মিয়েই মৃত্যু !
কবিতাত ব্যৱহৃত শব্দত যদি আন এটি অৰ্থ বিৰিঙি নোলায়, কবিতাৰ শব্দই যদি কোনো ইঙ্গিত বহন কৰিব নোৱাৰে অথবা, কবিয়ে অঁকা চিত্ৰকল্প যদি মূৰ্ত হৈ নুঠে  — সি কবিতা  নহৈ একোখন “ৰচনা”হে (essay) হ’বজৈ পাৰে ৷
গদ্য যদি ‘সত্য-মঙ্গল’, কাব্য হয় ‘ মধু-মংগল’ ৷
কুৎসিত শৰীৰত অলঙ্কাৰৰ কি কাম ! সুন্দৰ শৰীৰত, অলঙ্কাৰৰ প্ৰয়োজনেইবা ক’ত !
অৰ্থৰ চমৎকাৰিত্ব নহ’লে, কেৱল মধুৰ, শুৱলা বা সৰল  শব্দৰ ব্যৱহাৰেৰে উৎকৃষ্ট কাব্যৰ সৃষ্টি কৰিব নোৱাৰি ৷ তেনেদৰে, নতুনত্বহীন কমনীয় আৰু সৰল অৰ্থইও কাব্য হ’ব নোৱাৰে ||
(Uday Kumar Sarma ছাৰৰ fb post ৰ পৰা)

Leave a Reply

Your email address will not be published. Required fields are marked *