0 00 1 min 2 yrs 178
  • ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ‘ অক্ষয় পাত্ৰ ফাউণ্ডেচন ‘এটা আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান ( N G O ) । এই স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে জন্মলগ্নৰে পৰা সমগ্ৰ ভাৰতবৰ্ষৰ জনগনৰ বিভিন্ন দুয্যোগৰ সময়ত বিভিন্ন প্ৰকাৰৰ জনসেৱা আগবঢ়াই আহিছে । দেশত হোৱা বানপানী , ভূমিকম্প , অন্য প্ৰাকৃতিক দুয্যোগৰ সময়ত গাৱঁৰ বা নগৰৰ জনগনক খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন প্ৰকাৰৰ সহায় আগবঢ়াই আহিছে । বৰ্তমানে কভিড ১৯ এ সমগ্ৰ ভাৰতৰ মেহনতি কৰি খোৱা তথা দিনহাজীৰা কৰা দৰিদ্ৰ পৰিয়াল সমুহৰ জীৱন আৰু জীবিকা পানীত হাহ নচৰা অৱস্থাৰ সৃষ্টি কৰিলে । তেনে পৰি স্থিতিত অক্ষয় পত্ৰ ফাউণ্ডেচনে সমগ্ৰ ভাৰতত প্ৰায় এক লাখৰো অধিক পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰি অহাৰ কথা সদৰী কৰে অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ যোৰহাটৰ সভাপতি সন্তোষ ৰঞ্জন তামুলীয়ে । যোৰহাটৰ কৰঙাৰ বণমালী সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত কৰা খাদ্যসামগ্ৰী প্ৰদান অনুষ্ঠানত সভাপতিত্ব আসন গ্ৰহণ কৰি তেখতে ‘ৰ ‘টাৰী ইণ্টাৰনেছনেল ক্নাৱৰ ‘ যোৰহাটৰ চেয়াৰমেনৰ দায়িত্বত থাকী সামাজিক দিশত কৰি থকা ৰ’তাৰী ক্নাৱৰ কৰ্ম আঁচনি ৰ সম্পৰ্কতো বহলাই কয় । যোৰহাটৰ সমাজকৰ্মী জগন্নাথ অগ্নি বৰা উপস্থিত থকা সাহায্য প্ৰদান অনুষ্ঠানত অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ সম্বন্বয়ক ডিম্বেশ্বৰ ডেকাই অক্ষয় পাত্ৰ ফাউণ্ডেচনে যোৰহাট জিলাতে ১০ হাজাৰৰ অধিক পৰিয়ালক প্ৰায় ১১ শ টকাৰো অধিক ( প্ৰতি পৰিয়াল ) মূল্যৰ খাদ্য সামগ্ৰী কভিড কালত বিতৰণ কৰাৰ কথা উল্লেখ কৰে । বণমালী সাংস্কৃতিক কেন্দ্ৰৰ বিষয় ববিয়া তথা সমাজকৰ্মী মুনিন্দ্ৰ নাথ দত্তৰ প্ৰচেষ্টাত পৰিচালিত সামগ্ৰী প্ৰদান কায্যসুচীত সম্যক প্ৰিতম প্ৰয়াসৰ উপস্থিতিত ১৫০ টা পৰিয়ালক খাদ্য সামগ্ৰীৰ একোটাকৈ টোপোলা প্ৰদান কৰা হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *