0 00 5 yrs 203

বোকাখাতৰ মৰিয়াহোলাত উৎপন্ন হোৱা ৰঙালাৱে দখল কৰিছে পশ্চিমবংগৰ বজাৰ ৷ বান উপদ্ৰুত মৰিয়াহোলাত ললিত দত্তই উৎপাদন কৰিছে হাজাৰ হাজাৰ কুইন্টল ৰঙালাও ৷ অসমৰ বজাৰত বৰ্তমান দাম নাই ৰঙালাওৰ ৷ বজাৰত উভৈনদী ৰঙালাও ৷ মৰিগাঁৱৰ এজন মধ্যভোগীৰ জড়িয়তে কলিকতালৈ প্ৰতি দুদিনৰ অন্তৰে অন্তৰে ললিতে প্ৰেৰণ কৰিছে এক ট্ৰাককৈ ৰঙালাও ৷ কিন্তু কৃষকে মুৰৰ ঘাম মাটিত পেলাই উৎপাদন কৰা ৰঙালাও প্ৰতি কেজিত বিক্ৰী কৰিছে ৫ টকাকৈ ৷ অতুল বৰাৰ গৃহ সমষ্টিত শীতলীকৰণ ভড়াল নথকাৰ বাবেই মৰিয়াহোলা চাপৰীত উৎপাদিত ৰঙালাও পানী দৰত বিক্ৰী কৰিছে কৃষকে ৷

পপী শইকীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *