0 00 1 min 4 yrs 165
কলেজৰ তুমি ৰূপহী
পখিলাজনী
তোমাক বিচাৰি ফুৰিছিলো
কলেজৰ দ্বিতীয় মহলাৰ চাঁদত
কিজানিবা ৰৈ আছা তুমি
মোৰ বাবে
কলেজৰ সেই বকুল জুপিৰ তলত সদায় ৰৈ থাকো
কিজানিবা তোমাক দেখা পাঁও
ৰুমত তোমাৰ কথা ভাবি থাকোতেই
পঢ়াৰ সময়বোৰ
কেতিয়ানো পাৰ হৈ গৈছিল
গমকে পোৱা নাছিলো
ভবাটো নাছিলো
আদাম স্মিথৰ সংজ্ঞা কিংবা
অৰ্থনীতি বিদসকলৰ সংজ্ঞাবোৰৰ দৰেই
তোমাৰ বাবেও মনত ৰাখিব লাগিব প্ৰেমৰ সংজ্ঞা
তুমি যেতিয়া এটি মিঠা
হাহিৰে সৈতে লগৰজনীৰ লগত কথা পাতি থাকা
মই তেতিয়া আতঁৰৰ পৰাই
তোমাক চাই ৰওঁ
তোমাৰ ওচৰলৈ যাবলৈ
মোৰ সাহস নহয়
কিয় জানো তোমাৰ মুখত
এটি মিঠা হাঁহি দেখিলেই মোৰ মন প্ৰাণ ভৰি যায়
ক’ত ৰাতি যে পঢ়াৰ টেবুলত  তোমাৰ নাম লিখি বহী  ভৰাই দিছো
ম’বাইলতো ৰাখিছো তোমাৰ ফটোখন সযতনে
হয়তো তুমি  মোৰ ন’হলেও
তোমাৰ ফটোখনেই থাকিব  মোৰ ওচৰত চিৰদিন
✍✍✍প্ৰাঞ্জল শংকৰ

Leave a Reply

Your email address will not be published. Required fields are marked *