পহু মাংস লোভ সামৰিব নোৱাৰি বন বিভাগৰ জালত পৰিল চাৰি যুৱক। এফালে বন বিভাগ আৰু বিভিন্ন দল সংগঠন তথা বেচৰকাৰী সংস্থাৰ বন্যপ্ৰানী সুৰক্ষাৰ তীব্ৰ অভিযান আনফালে কিছু লোকৰ পহু মাংস খোৱাৰ লোভত হৰিণা বধৰ যজ্ঞ। কাজিৰঙাৰ পৰা বানৰ কবলত ওখঠাইৰ সন্ধানত ওলাই অহা পহু হত্যা কৰিছিল মাংসৰ লোভত। গেলেকি অঞ্চলত হত্যা কৰিছিল অবোধ জীৱটোক আৰু পহু মাংসৰ ভাগ লৈছিল বোকাখাতৰ গড়মূৰৰ দুজন যুৱকে। যুৱক দুজনে As05k 8372এখন স্কুটিত পহু মাংস লৈ বোকাখাতলৈ আহি থকা অৱস্থাত পানবাৰী এলিফেন কৰিডৰত বনবিভাগৰ তালাচীত ধৰা পৰে। আটকাধিন যুৱক দুজনৰ তথ্য ভিত্তিত গেলিকীৰ আন দুজন লোকৰ আটক কৰে। আটক কৰা যুৱক কেইজন হল বোকাখাত গড়মুৰৰ লুহিত বৰা, অৰূপ ৰেউতীয়া, গেলেকীৰ নিৰ্মল ৰাজপুত আৰু হৰি সিং । চাৰিজনকে বনবিভাগে আটক কৰি আইনী প্ৰক্ৰিয়াৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে।
পপী শইকীয়া
বোকাখাত
বোকাখাত