আজি হস্তী দিৱস ৷দুই অক্টোবৰৰ পৰা আৰম্ভ হোৱা বন্যপ্ৰাণী সপ্তাহৰ দ্বিতীয় দিনটোত কাজিৰঙাত উদযাপিত হয় হস্তী
দিৱসৰ ৷হস্তী দিৱস উললক্ষে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত “হাতীৰ সৈতে বাৰ্তালাপ” শীৰ্ষক এক অনুুষ্ঠানৰ আয়োজন কৰা হয় ৷কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষ আৰু স্বেচ্ছাসেৱী সংস্থা ড্য কৰ্বেট ফাউণ্ডেচনৰৰ উদ্যোগত আয়োজিত অনুষ্ঠানত স্থানীয় ৭ খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰছাত্ৰী সকলক হাতীৰ বিষয়ে আভাষ দিয়াৰ লগতে হাতী সংৰক্ষণৰ সজাগতা সৃষ্টিৰ আহ্বান জনোৱা হয় ৷হস্তী মানুহৰ সংঘাট উপসমৰ বাবে কৰণীয়ৰ বিষয়ে অৱগত কৰা হয় ৷আজিৰ এই আকৰ্ষণীয় অনুস্থাত উদ্যান খনৰ ১০ টা হাতীয়েও অংশ লয় ৷ হাতীৰ বিষয়ে অৱগত কৰাই কাজিৰঙাৰ গৱেষণা বিষয়াই ৷ আনহাতে বুধবাৰে বন্যপ্ৰাণী দিৱসৰ প্ৰথম দিনটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত অসম ভিত্তিত কুইজ প্ৰতিযোগিতাৰ অনুষ্ঠিত হয় ৷এসপ্তাহ ধৰি কাজিৰঙাত পালিত হব বন্যপ্ৰাণী সপ্তাহ ৷
পপী শইকীয়া