0 00 1 min 5 yrs 219

  অপৰিৱৰ্তিত হৈ আছে কাজিৰঙা আৰু বোকাখাত মহকুমাৰ বান পৰিস্থিতি ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জাক জাক পহুৰ লগতে অন্য বন্যপ্ৰাণীয়েও ঘাইপথ অতিক্ৰম কৰি কাৰ্বি আংলঙলৈ নিৰাপদ আশ্ৰয়ৰ বাবৈ যাত্ৰা কৰিছে ৷উদ্যান কৰ্তৃপক্ষই যানবাহনৰ গতিবেগ ঘন্টাত ৪০ কি.মি. ধাৰ্য কৰিদিয়াৰ পাছতো গাড়ীৰ খুন্দাত নিহত হৈছে মুঠ ১৭টা বন্য জীৱ। এই পৰ্যন্ত বানত কহঁৰা বনাঞ্চলত এটা পহুৰ মৃত্যু হোৱাৰ লগতে গাড়ীৰ খুন্দাত ৬ টা পহুৰ মৃত্যু হৈছে ৷ উদ্যানখনৰ অগৰাতলীত ২৮ টা,কহঁৰাত ২২ টা,বোকাখাত বীটত ৪ টা,বাগৰীত ২৪ টা,বুঢ়াপাহাৰত ৮ টা আৰু নডাৰ্ণ ৰেঞ্জত ৯ টা বন শিৱিৰ পানীৰ তলত আছে ৷সোমবাৰে পুৱাৰে পৰা কাজিৰঙাৰ শিলজুৰি আৰু হালধীবাৰীত ৰাষ্ট্ৰীয় ঘাইপথটো পানীয়ে বুৰাই পেলোৱাৰ বাবে বোকাখাত প্ৰশাসনে ৰাষ্ট্ৰীয় ঘাইপথটোত যাতায়ত বন্ধ কৰি দিয়ে। সমানেই বোকাখাত মহকুমাটো বানৰ বিভীষিকা অব্যাহত আছে ৷ চাপৰী সমুহৰ পৰা মেচিন নাঁৱত জাকে পশুধন নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা লগতে প্ৰশাসনে ২২ টা আশ্ৰয় শিৱিৰ মুকলি কৰিছে ৷ ধনশ্ৰীমুখত বিপদাপন্ন হৈ পৰাত হাতে- কামে কামত লাগিল বোকাখাতৰ মহকুমাধিপতি ৷ মহকুমাটোৰ ৯০ খন ৰাজহ গাঁও বানত প্লাৱিত হৈ পৰিছে ৷ বিপদাপন্ন হৈ পৰিছে বোকাখাত, কাজিৰঙাৰ ৰক্ষা কৱচ স্বৰূপ মৰিয়াহোলাৰ পৰা কাজিৰঙা সংযোগী মথাউৰিটো ৷ মথাউৰিটোত ফাঁট মেলাত ফাঁট বন্ধৰ বাবে তৎপৰ হৈ পৰিছে জলসম্পদ বিভাগৰ লগতে বোকাখাত মহকুমা প্ৰশাসন ৷ সোমবাৰে পুৱাই মহকুমাধিপতি বিবেক শ্যামে নিজে বেলচা মাৰি মথাউৰিটো মেৰামতিত লাগি পৰে ৷ আনহাতে বিপদাপন্ন মথাউৰীটো পৰিদৰ্শন কৰে মন্ত্ৰী অতুল বৰাই ৷ মটৰ চাইকেলত বহি মন্ত্ৰীজনে মথাউৰিটো পুনৰ নিৰ্মাণত জীপাল নামৰ সংগঠনটোৱে বিধি পথালি দিয়াৰো গুৰুত্বৰ অভিযোগ কৰে ৷ ADVB অৰ্থ সহায়ত পুনৰ নিৰ্মানৰ কামকাজ চলি থকাৰ মাজতেই জীপালে নিৰ্মাণ কাৰ্যত বাধা দিয়াৰ বাবেই মথাউৰিটো বিপদাপন্ন হোৱাৰ অভিযোগ স্থানীয় লোকৰ ৷মহকুমাটোৰ বানবিধস্ত লোকৰ বাবে মহকুমা প্ৰশাসনে ২২টা শিবিৰ স্থাপন কৰি বান সাহায্য প্ৰদান কৰিছে। মহকুমাটোৰ  ৯০ খন ৰাজহ গাওঁ বানৰ কবলত পৰাৰ লগতে  ৮৪ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। আনহাতে ২৫ হাজাৰ হেক্টৰ কৃষি বানে নষ্ট হৈছে বুলি প্ৰশাসনৰ তৰফৰ পৰা অৱগত কৰে।

পপী শইকীয়া
বোকাখাত

Leave a Reply

Your email address will not be published. Required fields are marked *