0 00 5 yrs 211
১ মে বুধবাৰে নিশা কাজিৰঙাৰ হাৰমতিত বিদ্যুৎ পৃষ্ট হৈ হাতীৰ মৃত্যু হয় ৷ধান খেতিৰ সুৰক্ষাৰ বাবে হুচেইন আলি নামৰ এজন কৃষকে খেতি পথাৰত লগোৱা বিদ্যুত সংযোগী তাঁৰত হাতীটো লাগি মৃত্যু মুখত পৰে ৷ঘটনাৰ আগদিনা হাতীয়ে ধান খোৱাৰ বাবে নিজ বাসগৃহৰ পৰা বিদ্যুত সংযোগ কৰি তাঁৰৰ বেৰা দিছিল লোকজনে ৷ঘটনাস্থলিত বন,আৰক্ষী আৰু বিদ্যুত বিভাগৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও অভিযুক্ত হুছেইন আলি পলাতক অৱস্থাত আছে ৷আনহাতে সংশ্লিষ্ট কৰ্তৃপক্ষই বিদ্যুত সংযোগৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰী সমূহ জব্দ কৰাৰ লগতে হুছেইন আলিৰ বিৰোদ্ধে আইনগত ব্যৱস্থা কৰিছে ৷
বোকাখাতৰ পৰা
পপী শইকীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *