0 00 1 min 6 yrs 214
কুমাৰ ভবেশ নামেই যাৰ পৰিচয় । তেওঁৰ নামটো কোৱাৰ মাত্ৰকে বেলেগকৈ চিনাকী কৰি দিয়াৰ কোনো প্ৰয়োজন নাই । হয় , মই তেওঁৰ কথাই কৈছোঁ । “নাযাবা-নাযাবা” জনপ্ৰিয় গীতটোৰ কণ্ঠ শিল্পী কুমাৰ ভবেশৰ কথা । দেহাজান এলবামৰ উপৰিউক্ত গীতটো এটা সময়ত ব্যাপকভাৱে জনপ্ৰিয় হৈছিল । দক্ষিণ কামৰূপৰ নিবাসী কুমাৰ ভবেশৰ গীতত এক অনুপম মাদকতা থাকে । যাৰ বাবে ল’ৰাৰপৰা বুঢ়ালৈকে সকলোৰে মাজত সমানে জনপ্ৰিয় তেওঁৰ গীত ।
দেহাজান এলবামৰ যোগেদি সমগ্ৰ অসমতে খলকনি তুলা কুমাৰ ভবেশে তেতিয়াৰপৰা এতিয়ালৈকে আৰু উভতি চাবলগীয়া হোৱা নাই ।
কুমাৰ ভবেশ কেৱল অসমীয়া সঙ্গীত জগততেই আবদ্ধ নহয় । অসমীয়াৰ উপৰিও বাংলা ভোজপুৰি আদি আন ভাৰতীয় ভাষাটো কণ্ঠদান কৰিছে কণ্ঠ শিল্পী কুমাৰ ভবেশে ।
          সহজ সৰল ব্যক্তিত্বৰ অসমৰ কেঁচা মাটিৰ গুণ থকা গাওঁলীয়া ভাষাত গীত ৰচনা কৰি ভালপায় তেওঁ । অৰ্থাৎ সহজ সৰল মানুহৰ বাবে গীত গাই জনপ্ৰিয় কণ্ঠ শিল্পী কুমাৰ ভবেশে । দামী গাড়ীত উঠি ঘূৰি ফুৰা নাইবা ধন-টকাৰে জয় জয় ময় ময় হৈ থকা মানুহৰ বাবে নহয় ।
(অনিতা গগৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *