১) ক’ৰবালৈ গ’লে লগতে যায় উভতি চালে কোনোৱেই নাই ।
উত্তৰ:- ছাঁ ।
২) এঙা এঙা এঙা একেটা ডালতে পাচোঁটা টেঙা ।উত্তৰঃ আঙুলি ।
৩) এজনী ক’লী গাই সাতখন পথাৰত ধান খায় ।উত্তৰ:- কাঁচি ।
৪) বাঁহ খায়, কাঠ খায়,পানী পালে মৰি যায় ।উত্তৰ:-জুই ।
৫) হাঁবিত কাহে ওলাই নাহে ।
উত্তৰ:-কুঠাৰ ।
৬) হাতীৰ দাঁত , কদমৰ পাত ভাঙিব নোৱাৰিলে গোলামৰ জাত ।
উত্তৰঃ মূলা
৭) চফা হ’লে ক’লা, লেতেৰা হ’লে বগা। এইটোনো কি চেপেটা বস্তু ল’ৰাহঁতক সুধা।
উত্তৰ:- চিলেট
৭) পেট আৰু মুখ আছে পেটু আৰু জিভা নাই সেইটোনো কি কোৱাচোন ভাই ।
উত্তৰঃ কলহ ।