0 00 1 min 6 yrs 220

প্ৰায় দুমাহমানৰ আগতে ডিজিটেল প্লেটফৰ্ম জোনাক ডট কমৰ দ্বাৰা অনুষ্ঠিত কৰা “জোনাক মডেলিং কণ্টেষ্ট” ৰ আজি ফলাফল ঘোষণা কৰা হয় । ফলাফল অনুসৰি সৰ্বাধিক অৰ্থাত 3500 ভোট লাভ কৰি “জোনাক মডেল” খিতাপ লাভ কৰিবলৈ সক্ষম হয় যোৰহাটৰ মুনমী নামৰ মডেলগৰাকী ।

আনহাতে  FIRST RUNNERS UP আৰু  2ND RUNNERS UP খিতাপ লাভ কৰে ক্ৰমে গুৱাহাটীৰ বিজুমনি আৰু ফৰিন নামৰ মডেল দুগৰাকীয়ে । তেওঁলোকে লাভ কৰা ভোটসমূহ ক্ৰমে 3400 আৰু 3350 ।

 

উল্লেখযোগ্য যে সাংস্কৃতিক জগতখনৰ সৈতে জড়িত হ’ব খোজা নবপ্ৰজন্মৰ যুৱক-যুৱতীসকলক চিনাকী কৰি দিয়াৰ উদ্দেশ্য আগত ৰাখিয়েই “JUNAAK MODELLING CONTEST”  অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছিল ।
CLICK HERE FOR MORE NEWS

Leave a Reply

Your email address will not be published. Required fields are marked *