0 00 1 min 5 yrs 122

মানুহে গছপুলি এটা ৰুই যেতিয়া পুলিজোপাই গছৰূপত ফুলে-ফলে জাতিষ্কাৰ হয় গৈ তেতিয়া ৰুওঁতা  জনৰ যেনেকৈ আনন্দৰ সীমা নাথাকে, ঠিক তেনেকোৱা মোৰো এক অনুভৱ হোৱা যেন অনুমান কৰিছিলোঁ যোৱা কালি অথাৎ মাৰ্চ১, ২০১৯ দিনটোত।
কালি পাভজান চাহ বাগিচাত অসমীয়া চাহ-আপ্যায়নবিধিৰ উৎসব(Assamese Tea Ceremony) অনুষ্ঠিত হয় যায়। ইয়াৰ লগতেই সংগতি ৰাখি অসম চাহ শিক্ষায়তন  (Assam Tea Academy), চাহ পৰ্যটন (Tea Tourism), চাহ খোৱা ঘৰ (Tea Lounge), চাহ আপ্যায়ন ঘৰৰো (Assamese Tea Ceremonial Cottage) শুভোদ্বোধন কৰা হ’ল।   সঁচাকৈ সচৰাচৰ চিন্তাৰ ওপৰত‌ (out of box thinking) কৰা এনে কামে চাহ উদ্যোগৰ নতুন দিগন্তৰ সম্ভেদ দিছে।  কালি প্ৰত্যক্ষ কৰা অসমৰ নতুন উদ্যমীৰ ন ন চিন্তাধাৰাৰ কাৰ্যপন্থাই অসম চাহ উদ্যোগৰ নতুন দিশ সূচনা কৰিছে তাত অলপো সন্দেহ নাই। আটাইতকৈ ভাল কথা দেখিলোঁ যে এই অনুষ্ঠান সাফল্যমণ্ডিত কৰি তুলিছিল মালিকপক্ষ, বাগান পৰিচালক, কৰ্মচাৰী আৰু শ্ৰমিক সকলৰ যৌথ আৰু একানপতিয়া প্ৰচেষ্টাত। সাধাৰণ বাগানীয়া পৰিবেশত এই চাৰিটা স্তৰে নিজে নিজৰ অৱস্থিতিত থাকি বৃটিছ সকলে চলাই যোৱা ঔপনিৱেশিক ভাবধাৰাত পৰিচালিত হৈ থাকে। যদি চাহ উদ্যোগে নিজ নিজ বাগানত এনেধৰণৰ মহামিলনৰ বাবে প্ৰচেষ্টা কৰে তেন্তে আটাইকেইজন মাজত থকা সংবাদহীনতা নাইকীয়া হোৱাৰ যথেষ্ট থল আছে। তাৰ পৰিমাণ স্বৰূপে বাগানত উদ্ভৱ হোৱা বহু সমস্যা হয়তো সৃষ্টিয়েই নহয়, আৰু হ’লেও সাধাৰন আলোচনাৰ দ্বাৰা সমাধান কৰিব পৰা যাব বুলি আশা কৰিব পাৰি কাৰণ সকলোৱেই সকলো বস্তুস্থিতি ভালকৈ অৱগত হৈ থাকে।

চীনদেশ, জাপান, টাইৱান, দক্ষিণ ক’ৰিয়া আদি দেশ সমূহত নিজা নিজা বৈশিষ্ট্যতাৰে চাহ খোৱা কিছুমান সামাজিক আনুষ্ঠানিকতা মানি। যেনেদৰে ভাৰতীয় বৈবাহিক নিয়ম বহুতো সৰু-বৰ আনুষ্ঠানিকতা পাৰ কৰাৰ পিছত হে পাণীগ্ৰহণ সংস্কাৰ সম্পন্ন হয়, ঠিক সেইদৰে এই দেশ বোৰতে নিজ দেশৰ বৈশিষ্ট্য কিছুমান আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পিছত হে আলহীক চাহ আপ্যায়ন কৰা হয়। অসমতো তেনে কিছু আনুষ্ঠানিকতা আছিল যেতিয়া গুৰু-গোঁসাই, সত্ৰাধিকাৰ বা সমাজিক ভাৱে মাননীয় ব্যক্তিক চাহ আপ্যায়িত কৰা হৈছিল। সময়ৰ লগে সেই বৰ্নিল আনুষ্ঠানিকতা বোৰ লোপ পাবলৈ ধৰিছে। বিশ্ব-দৰবাৰত এই বৰ্ণিল অনুষ্ঠান বোৰ ডাঙি ধৰাৰ এক অভিনৱ প্ৰচেষ্টা হাতত লোৱা হৈছে যাতে চাহ খোৱাৰ লগে লগে যেন শাৰীৰিক স্ফুৰ্তিৰ লগত মানসিক শান্তিও পোৱা যায়।
চাহ বাগিচাৰ শান্ত সৌম্য সেউজীয়া পৰিবেশৰ মাজত অসমৰ নিজা স্থাপত্যৰে তৈয়াৰ কৰা খেড়ী ঘৰত পৰ্যটক সকলক থকাৰ সুবিধা আগবঢ়োৱা হৈছে। হয়তো কাজিৰঙালৈ বুলি অহা দেশী বিদেশী পৰ্যটক সকলে এনে নিৰিবিলি পৰিবেশত থাকি যথেষ্ট মানসিক শান্তি লাভ কৰিব পাৰিব।
অসমীয়া কৃষ্টি মতে চাহ আপ্যায়ন কৰিবলৈ এক আছুতীয়া চাহ আপ্যায়ন ঘৰো নিৰ্মান কৰা হৈছে য’ত দেশী বিদেশী পৰ্যটক সকলক খাছ অসমীয়া কৃষ্টিৰ দ্বাৰা চাহ আপ্যায়ন কৰা হ’ব। এই খিনিতে এটা কথা উনুকিয়াবলৈ সুবিধা পাই ৰাইজৰ জ্ঞাতাৰ্থে ডাঙি ধৰিলো। অসমত ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ সমস্যাৰ বুজ ল’বলৈ ২০১৬ চনত নীতি আয়োগৰ সন্মানীয় সদস্য শ্ৰী অসমলৈ আহিছিল। ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ বাগিচা পৰিদৰ্শন কৰিবৰ সময়ত শ্ৰী গোপাল কৃষ্ণ খাউন্দৰ বাগানাতে থকা অফিচ ঘৰতে চাহ আপ্যায়ন কৰা হৈছিল খাছ অসমীয়া কৃষ্টিৰে। এই ধৰনৰ চাহ পৰিবেশন কৰাৰ বাবে স্বাভাৱিকতে আপ্লুত হৈ পৰিছিল। এই কথাটো কেইবাঠাইতো উল্লেখ কৰিব পাহৰা নাছিল। এইয়ে ঠাই বিশেষৰে আকৰ্ষণ যিটো পৰ্যটকৰ মন বান্ধি ৰাখিব পাৰে।
চাহৰ জ্ঞান, বিশেষকৈ জৈৱিক ভাবে বিভিন্ন ধৰণৰ চাহ উৎপাদন, চাহ আপ্যায়নৰ সাম্যক জ্ঞান আদি আগবঢ়াবলৈ চাহ প্ৰশিক্ষণ আয়  (Tea Academy) আৰম্ভ কৰা হৈছে।
চাহপ্ৰেমী সকলে নিজৰ আজৰি সময়ত নিজৰ পছন্দৰ এক কাপ খাই খাই ‘আড্ডা’ত বহাৰ বাবেও সুবিধা কৰা হৈছে Tea Loungeত।
যিহেতু পাভজান চাহ বাগিছাই এতিয়া জৈৱিক চাহৰ চাৰ্টিফিকেট পাই গৈছে, এই সৰু সৰু আনুষঙ্গিক উদ্যোগ সমূহ চাহ উদ্যোগত সন্মিলিত হোৱাৰ লগে লগে একঘেঁহিয়া চাহ উদ্যোগে এক নতুন মাত্ৰা প্ৰদান লাভ কৰিবলৈ সক্ষম হ’ব।
এই কাম আৰম্ভ কৰিছে গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ পাভজান বাগিচাৰ স্বতাধিকাৰী শ্ৰী নেপুল শইকীয়া আৰু তেওঁৰ সহধৰ্মিণী শ্ৰীমতি ৰাখী শইকীয়ানীয়ে।  প্ৰকৃততে এই সকলো কামৰ পৰিকল্পনা, ক্ৰিয়াৱন্ন  আৰু পৰিচালনা কৰিছে শ্ৰীমতি ৰাখী শইকীয়া। তেওঁৰ নতুন দিশ অন্বেষণ কৰাৰ,আগবঢ়াৰ আৰু নতুন কিবা এটা কৰাৰ অদম্য হেঁপাহ শলাগ লবলগীয়া। তেওঁৰ দৰে উচ্চমান বিশিষ্ট উদ্যোগিক মনোবৃত্তি, অসমৰ মহিলা সকলতো বাদেই বহুতো আগৰণুৱা উদ্যোগপতিৰ তুলনাতো বৈশিষ্টপূৰ্ণ বুলি মই ভাবোঁ। তেওঁলোক দুজনৰ এই বাটকটীয়া পদক্ষেপৰ বাবে ধন্যবাদ জনোৱাৰ ওপৰিও বিশেষ উন্নতি কামনা কৰিলোঁ।
এতিয়া কথা হ’ল এই সকলো পৰিঘটনাত আমাৰ #অসম_কৃষি_বিশ্ববিদ্যালয়ৰ অৱদান ক’ত..?
আছে,, ভেঁটি গঢ়াত আমাৰ অমূল্য অৱদান আছে..!
কোন সময়ত তেওঁলোকে চাহ ফেক্টৰী খুলিলে বিশেষ ভাৱে উপকৃত হ’ব, সেইবোৰ পৰিচালনাত আমাৰ হাত আছে..!
তেওঁলোকৰ সকলো ভাই-ককাইৰ চাহ খেতিৰ উন্নতিত আমি বিশেষ ভাবে অৰিহনা যোগাইছো কাৰিকৰী আৰু অকাৰিকৰী দিশত দিগদৰ্শন কৰি..!
এইবোৰ কথা আমাৰ বিশ্ববিদ্যালয়ৰ অৰিহনা কিন্তু লোকচক্ষুৰ আঁৰত থকাৰ বাবে অনুষ্ঠানটোক দোষাৰোপ কৰা মানুহৰ অভাৱ নাই।
প্ৰকৃততে আমি নিজৰ ঢোল নিজে বজাব নাজানো বা বজাবলৈ লজ্জা অনুভৱ কৰোঁ। তাৰ বাবে প্ৰগতি হয়তো ৰোৱা নাই, কিন্তু কিছুলোকে আমাক অকৰ্মণ্য বুলি কবলৈ সুবিধা কৰি দিছোঁ।
মদন তাপৰীয়া
প্ৰাক্তন অধ্যাপক .চাহ কোষ
অসম কৃষি বিশ্ব বিদ্যালয় যোৰহাট
সকলো কথা দ্বিতীয় খণ্ডলৈ থলোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *