0 00 1 min 4 yrs 215

বৰ্তমান সমগ্ৰ বিশ্বতে বহুলভাৱে চৰ্চিত এটা বিষয় হৈছে ক’ৰোণা ভাইৰাছ  । বৰ্তমান আমাৰ দেশ ভাৰততো প্ৰায় ৩০ ৰো অধিক লোক আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে । এতিয়া কথা হ’ল কৰোণা ভাইৰাছৰ লক্ষণসমূহ কেনেকৈ চিনাক্ত কৰিব । আৰু ইয়াৰপৰা সাত হাৰি থাকিবলৈ ল’বলগীয়া সাৱধানতাসমূহ কেনেধৰণৰ হ’ব পাৰে ।

যদি আপোনাৰ চৰ্দি কাঁহ বা উশাহ লোৱাত অসুবিধা হৈছে তাৰ অৰ্থ এয়া নহয় যে সেয়া কৰোণা ভাইৰাছৰ ফলতেই হৈছে । কিছু বিশেষ পৰিস্থিতিতহে কৰোণা ভাইৰাছৰ সৈতে জড়িত পৰীক্ষা-নিৰীক্ষা কৰা হয় । যেনে – শুকান কাঁহ ,বিষ, বন্ধ নাক আৰু গলাত বিষ নাইবা জ্বলন ইত্যাদি ।
ইয়াৰ উপৰিও যদি আপোনাৰ পাচন নাইবা শ্বসন তন্ত্ৰত কিবা কু প্ৰভাৱ পৰিছে তথাপিও আপুনি কৰোণা ভাইৰাছৰ পৰীক্ষা কৰোৱাতো জৰুৰী ।

Leave a Reply

Your email address will not be published. Required fields are marked *