0 00 4 yrs 193
বোকাখাতত গঁড় চিকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত আৰক্ষী বিষয়া আহত। আহত  আৰক্ষী বিষয়া জন কমাৰগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ময়ূৰজ্যোতি গগৈ। বোকাখাতৰ লখৌজানত গঁড় চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই আটক কৰিবলৈ কৰিবলৈ আহিছিল গোলাঘাট আৰক্ষী উপ আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেশ্বৰ সহ কমাৰগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ময়ূজ্যোতি গগৈ আৰু আৰক্ষী দল। আৰক্ষীয়ে চোৰাং চিকাৰিৰ তিনিজনীয়া দলটোৰ পৰা এটা ৩০৩ ৰাইফল জব্দ কৰিবলৈ সক্ষম হয় যদিও চিকাৰী দলটোৰ মূল অভিযুক্তই কমাৰগাওঁ থানাৰ আৰক্ষী বিষয়া ময়ূৰজ্যোতি গগৈক চোকা দাৰে ঘপিয়াই আহত কৰি পলায়ন কৰে। আহত আৰক্ষী বিষয়া জনক বোকাখাত চৰকাৰী চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি গোলাঘাটলৈ ৰাতিয়ে প্ৰেৰণ কৰে। বৰ্তমান আৰক্ষী বিষয়া জনক গোলাঘাটৰ পৰা ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে  |
পপী শইকীয়া
বোকাখাত।

Leave a Reply

Your email address will not be published. Required fields are marked *