0 00 1 min 2 yrs 33

            ✍পৰিমিতা গোস্বামী 
       ‘ৰা-ছোৱালীৰ কথা সোধিবলৈহে পালোঁ তেওঁ এফালৰ পৰা গাই গ’ল নহয় । বোলে তেওঁৰ ছোৱালী তিনিজনীৰ পাছত ল’ৰা এটা। ছোৱালী কেইজনী বেচ্  ভাল , পঢ়া-শুনাত চোকা ,মাক-দেউতাকৰ খুব বাধ্য । যি কয় তাকে শুনে । ল’ৰাটো বোলে মস্ত বদমাচ মাক-দেউতাকক গণ্যই নকৰে।কথা শুনাটো দূৰৰে কথা । ডাঙৰ ডাঙৰ ল’ৰাবোৰ ল’গ।পঢ়া-শুনা একেবাৰে নকৰে,ঘৰত নাথাকেই ,ৰাতি দুপৰ নিশাহে বোলে ঘৰ সোমাইহি ।কেতিয়াবা ৰাতি নাহেই ,ক’ত থাকিলি বুলি সোধিলেও গেঙেৰি মাৰে।”একদম অশান্তি,ছোৱালী হোৱাই ভাল বুজিছে,ল’ৰাৰ আশা কৰি কৰি ল’ৰা হ’ল এতিয়া খুব পস্তাইছোঁ”। মই মানুহ জনীৰ মুখলৈ বহুত দেৰি চাই থাকিলোঁ ।কিনো কম তেওঁক তথাপি কলোঁ ,”  আপুনি চিন্তা নকৰিব এতিয়া সৰুহৈ আছে বয়স হ’লে সকলো ঠিকহৈ যাব”।  চোৱাচোন বাৰু মানুহজনী কিমান দুখী হ’ব পাৰে। কিমান খিনি দুখত থাকিলে খন্তেক সময়ৰ বাবে ল’গ পোৱা বাটৰুৱা এজনৰ আগত ইমানখিনি উজাৰিব পাৰে । মোৰ এনে অনুমান হ’ল মানুহজনীয়ে চাগে মনৰ দুখ পাতলাবলৈকে কথাখিনি মোৰ আগত ক’লে।
       : ‘এৰা পাই’ , দীঘল হুমুনিয়াহ এটা কাঢ়ি নিজৰাই কৈ গ’ল। সেইবোৰ ভাবিলে ভয়েই লাগে ।পৃথিৱীখন যে দিনক দিনে কিমান জটিল হৈ গৈ আছে।সেইবোৰ বাদ দিয়ক আপুনি হাত-মুখ ধুই আহক মই ভাত বাঢ়ো।
      
        হাত মুখ ধুই আহি বৰুৱা ভাতৰ টেবুলত বহিল। ওচৰতে নিজৰা । ভাত খাই থাকোতে  বৰুৱাই নিজৰাক ক’লে , ” কালিলে সোনকালেই উঠিবা , চাহ একাপ খাইলৈ দুয়ো ফুলনি খনতে অলপ লাগিম। বাৰী ঘৰবোৰ অলপ চাফা কৰিব লাগিব । কাম কৰা মানুহ পাবলৈও নাই । আগৰ দৰে লৰা-লৰি নাই যেতিয়া  এইবোৰতে চকু কাণ দিব লাগিব।”( আগলৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *