0 00 1 min 2 yrs 196

গেৰজাইপাম পঞ্চায়তৰ ৮ নং ৱার্ডত দূর্নীতিৰ তথ্য ফাদিল।

হাতে-হাতে আবেদন লৈ কামপুৰৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদত নামিল দুখীয়া হিতাধিকাৰী।

কামপুৰৰ গেৰজাইপাম পঞ্চায়তত প্ৰধান মন্ত্ৰী আবাস যোজনাৰ নামত ধন সংগ্ৰহৰ অভিযোগ।

পঞ্চায়ত খনৰ ৮নং ৱাৰ্ডৰ সদস্য আব্দুল হেকিমৰ বিৰুদ্ধে হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ।

কঠিয়াতলি উন্নয়ন খণ্ডৰ অধীনস্থ গেৰজাইপাম গাঁও পঞ্চায়তত দূৰ্নীতিৰ বিশাল সাম্ৰাজ্য গঢ়াৰ অভিযোগ উত্থাপিত হৈছে ।

এই অভিযোগ উত্থাপন হৈছে ৮ নং ৱার্ড সদস্য আব্দুল হেকিমৰ বিৰুদ্ধে ।

আজি গেৰজাইপাম পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ একাংশ সচেতন ৰাইজে কামপুৰৰ চক্ৰ বিষয়াৰ কাযালয়ত প্ৰতিবাদ সাব্যস্ত কৰে।

জানিব পৰা মতে ৮ নং ৱাৰ্ডৰ প্ৰায় ২০০ পৰিয়ালৰ হিতাধিকাৰীক ঘৰ দিয়াৰ বাবদ ১০/১৫ হাজাৰকৈ টকা লোৱাৰ অভিযোগ কৰিছে ।

উল্লেখযোগ্য যে নির্মিয়মান ঘৰৰ ফটো সংগ্ৰহ কৰা সময়তো ৫০০ ৰ পৰা ১০০০ কৈ টকা লোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ।

ভচক্তভোগী হিতাধিকাৰী আৰু স্থানীয় ২৩ জন লোকে কামপুৰ চক্ৰ বিষয়াক পৃথকে-পৃথকে লিখিত অভিযোগ পত্র দাখিল কৰে আৰু গৃহ নিৰ্মাণৰ নামত সাধাৰণ ৰাইজৰ লগত কৰা প্রবঞ্চনাৰ বাবে তদন্ত কৰি উপযুক্ত শাস্তি প্ৰদানৰ আহ্বান জনায় ।

কচুৱাৰ পৰা খাইৰুল ইছলামৰ ৰিপোৰ্ট

Leave a Reply

Your email address will not be published. Required fields are marked *