0 00 1 min 3 yrs 239
নাৰী শক্তি মহান শক্তি৷নাৰী অবিহনে কোনো পুৰুষে উচ্ছতাৰ শিষৰলৈ আগবাঢ়িব নোৱাৰে৷প্ৰতিজন সফল পুৰুষৰ সফলতাৰ আঁৰত এগৰাকী মহিলা হোৱাৰ লগতে আজিৰ তাৰিখত পুৰুষৰ সমানে- সমানে নাৰীশক্তি উচ্ছতাৰ শিখৰত যে স্থান লাভ কৰি দেশ তথা ৰাজ্যৰ সুনাম অৰ্জন কৰিবলৈ নাৰীসকল সক্ষম এই কথাষাৰৰ জলন্ত প্ৰমাণ দাঙি ধৰিছিল এগৰাকী অসমৰে জী তথা অসমৰ প্ৰথম মহিলা আই.এ.এছ বিষয়া পাৰুল দাসে৷
তেখেতে বিভিন্ন বাধা বিঘিনি নেওচি নিজ প্ৰচেষ্টাৰ বলত আই.এ.এছ বিষয়াৰ সন্মান লাভ কৰি সমাজৰ নাৰী সকলৰ বাবে আদৰ্শ হৈ পৰিছিল৷উক্ত আদৰ্শকে সাৰোগত কৰি আজি সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থাৰ গোলাঘাট শাখাই গোলাঘাট নগৰৰ চান্দমাৰী স্থিত সন্থাৰ জিলা সমিতিৰ কাৰ্যালয়ৰ প্ৰাঙ্গনত এখনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে৷উক্ত কাৰ্যসূচীত উপস্থিত থাকে সন্থাৰ কেন্দ্ৰীয় সভাপতি দিপাংকৰ দাস,
প্ৰাক্তন কেন্দ্ৰীয় সভাপতি পৰমানন্দ দাস,
জিলা সম্পাদক প্ৰণৱ প্ৰতিম দাস, জিলা সমিতিৰ সাংগঠনিক সম্পাদক প্ৰহ্লাদ দাস,জিলা সমিতিৰ উপদেষ্টা বিশ্বেশ্বৰ দাসৰ লগতে বহু কেইগৰাকী বিষয়ববীয়া।

Leave a Reply

Your email address will not be published. Required fields are marked *