0 00 1 min 4 yrs 175
   

       আজি সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত গোলাঘাট সদৰ কবি সন্মিলনৰ এটি প্ৰতিনিধি দলে গোলাঘাটৰ পৌৰপতিক সাক্ষাৎ কৰি অসমীয়া প্ৰগতিবাদী কবিতাৰ বাটকটীয়া ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত নামত থকা মৃতপ্ৰায় পৌৰ উদ্যানখনৰ পুনৰ কাৰ্যক্ষম কৰিবলৈ এক আলোচনাত মিলিত হয় ৷ গোলাঘাট সদৰ কবি সন্মিলনৰ উপ-সভাপতি দীপ হেষ্টিংছ বৰি, সম্পাদক হেমা চৌধুৰী গগৈ, সহকাৰী সম্পাদক জৰসিং ইংতি, কোষাধ্যক্ষ নীহাৰিকা শইকীয়া, প্ৰচাৰ সম্পাদক জুৰি সন্দিকৈ, কাৰ্যকৰী সদস্য পল্লবীকা বৰুৱা সমন্বিতে দলটিয়ে গোলাঘাটৰ পৌৰপতি জুৰি দাস ৰাজখোৱাক তখেতৰ কাৰ্যালয়ৰ কক্ষত লগ ধৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷ প্ৰথম অৱস্থাত পৌৰসভাৰ তথ্যত ধীৰেন দত্তৰ নামত কোনো উদ্যান নাই বুলি জনোৱাত কবি সন্মিলনৰ দলটি বিপাঙত পৰে ৷ সেই জটিল মূহূৰ্তত গোলাঘাটৰ জ্যেষ্ঠ কবিক ফোনযোগে বাৰ্তালাপ কৰি প্ৰয়াত কবিজনৰ নামত উদ্যান থকা বুলি নিশ্চিত হয়। পাছত কবি সন্মিলনৰ আন্তৰিক আহ্বানত, পৌৰপতিৰ তৎপৰতাত আৰু পৌৰসভাৰ এগৰাকী কৰ্মচাৰীৰ সহযোগত প্ৰাক্তন পৌৰপতি তথা বিশিষ্ট সাহিত্যিক ডা° অজিত বৰুৱাৰ কাৰ্যকালৰ “আলোকৰ যাত্ৰা” নামৰ গ্ৰন্থখনিৰ ২৪ নং কাৰ্যসূচীৰ পৰা সমাজবাদী নেতা তথা প্ৰগতিবাদী কবিজনৰ নামত উদ্যান নামাকৰণ কৰা বুলি নিশ্চিত হয় ৷ আলোচনাৰ অন্তত পৌৰপতিগৰাকীয়ে এই উদ্যানখনৰ জৰাজীৰ্ণ ৰূপৰ পৰিষ্কাৰ কৰি পুনৰ্ক্ষম কৰিবলৈ নিৰ্দেশ দিয়ে। এই কাৰ্যক কবি সন্মিলনে আদৰণি জনাই কবিগৰাকীৰ সোৱৰণিৰ দিৱসৰ আয়োজনৰ প্ৰচেষ্টা লোৱা বুলি জানিবলৈ দিয়ে।

দীপ বৰি

Leave a Reply

Your email address will not be published. Required fields are marked *