কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈক উদ্ধাৰৰ বাবে আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত বোকাখাত সমষ্টিলৈ আহিল বলিউদৰ মোহময়ী অভিনেত্ৰী “নাগমা” ৷ ছবি জগতত ‘নাগমা’ নামেৰে খ্যাত নন্দিতা অৰবিন্দ মৰাৰজীয়ে এ আই চি চি ৰ ষ্টাৰ কেম্পেইনাৰ ৰূপে আজি ৰঙামাটিৰ পৰা কাজিৰঙালৈ এক ৰোড ছ’ত ভাগ লৈছে ৷ আজি দিনৰ ১২ বজাত নাগমাৰ ৰ’ড শ্ব চাৰিচকীয়া বাহনেৰে ৰঙামাটিৰ পৰা কাজিৰঙালৈ আগবাঢ়ে। ৰ’ড শ্ব’ আৰম্ভ হোৱাৰ কিছুসময়ৰ পাছতে বতৰে বিধি পঠালি দিয়ে যদিও প্ৰতিকূল বতৰকো নেওচি এখন খোলা জীপচি গাড়ীত গৌৰৱ গগৈৰ লগত নিৰ্বাচনী প্ৰচাৰ চলায় অভিনেত্ৰী গৰাকীয়ে। এই ৰোড ছ’ত নিৰ্বাচনী নীতি মতে ২০ খন গাড়ীৰ অনুমতি লাভ কৰিছে যদিও সমৰ্থক সকলৰ কেইবা শতাধিক বাহনে ভাগ লৈছে।প্ৰাৰ্থী গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বইও এই যাত্ৰাত অংশলৈ ৰঙামাটিৰ পৰা কাজিঙালৈ কেইবা শতাধিক খন গাড়ীৰে বিশাল শোভাযাত্ৰা বাহিৰ কৰে। সংবাদকৰ্মীৰ আগত নাগমাই কয় যে… গৌৰৱ গগৈৰ দৰে এজন সফল যুৱনেতা অসমত নাই। গৌৰৱ গগৈক অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰী হিচাপে অসমৰ ৰাইজে বিচাৰে। ….
১১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত নাগমাৰ প্ৰচাৰে গৌৰৱ গগৈক কিমান সহায় কৰিব সেয়া ২৩ মেত গমপোৱা যাব।
বোকাখাতৰ পৰা
পপী শইকীয়া ।