মহানগৰ আৰক্ষী আৰু বোকাখাত আৰক্ষীৰ অভিযানত আটক হল এটা গভাইত চোৰ। আটক চোৰটোৰ নাম নিপেন শইকীয়া ৷ বোকাখাতৰ তামুলীপথাৰৰ নিবাসী নিপেন শইকীয়াই গুৱাহাটী পল্টন বজাৰৰ প্ৰাইম টাইম এক্সপ্ৰেছ কুৰিয়াৰৰ পৰা চুৰ কৰিছিল সোণখিনি। উক্ত কুৰিয়াৰটোৰ কৰ্মচাৰী নিপেন শইকীয়াই ১০ দিনৰ পূৰ্বে গুৱাহাটীৰ পৰা ডিমাপুৰলৈ জনৈক ব্যক্তিয়ে কুৰিয়াৰৰ যোগে পঠাব দিয়া কেইবা লাখ টকাৰ মূল্যৰ সোনখিনি ডিমাপুৰলৈ নপঠাই নিজে চুৰি কৰি ঘৰলৈ লৈ আহিছিল। বোকাখাত তামুলি পথাৰৰ ঘৰৰ লেটিনত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ সোণখিনি আজি বোকাখাত আৰক্ষীৰ সহযোগত গুৱাহাটী আৰক্ষীয়ে উদ্ধাৰ কৰাৰ লগতে নিপেন শইকীয়াক আটক কৰে।
পপী শইকীয়া
বোকাখাত।
বোকাখাত।