0 00 1 min 3 yrs 177

কৰ’না ভাইৰাছৰ প্ৰতিৰোধৰ বাবে হাত পৰিস্কাৰ কৰি ৰখাৰ sanitizer  নাটনি সময়ত বোকাখাতৰ একমাত্ৰ বিজ্ঞান মহাবিদ্যালয় চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ ৰসায়ন বিভাগে প্ৰস্তুত কৰিছে উন্নত মানদণ্ডৰ sanitizer। বোকাখাত মহকুমা প্ৰশাসনৰ অনুৰোধত মহাবিদ্যালয় খনৰ শিক্ষক আৰু ছাত্ৰ সকলে মঙ্গলবাৰে ১০০ এম.এল ৰ. ১০০ টা sanitizar বটল প্ৰস্তুত কৰি প্ৰশাসনক যোগান ধৰে।বৰ্তমান বোকাখাতৰ কোনো ঔষধৰ দোকানতে sanitizer উপলদ্ধ নোহোৱাৰ ফলত জনসাধাৰণে হাহাকাৰ কৰিব লগা অৱস্থা হৈছে।তেনে পৰিস্থিত বোকাখাত C.N.B.মহাবিদ্যালয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশণাৰ মাপেৰে প্ৰস্তুত কৰা sanitizer ৰে বোকাখাতৰ জনসাধাৰনক কিছু হলেও সকাহ দিব বুলি আশা কৰিব পাৰি।

byte:-অধ্যাপিকা.চি.এন.বি. কলেজ।

Leave a Reply

Your email address will not be published. Required fields are marked *