0 00 1 min 5 yrs 157
চাইবাৰ জগতত অসমীয়া সাহিত্য
“অসমীয়া ভাষা জগত সভালৈ যাব।
উজ্বল সুজ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হ’ব॥“
জ্যোতি প্ৰসাদ আগৰৱালাৰ এই সপোন যেন আজি দিথকত ফলিওৱাৰ পথত। আজিৰ এই তথ্য প্ৰযুক্তিৰ যুগত কেইজনমান উৎসাহী আৰু কৰ্মঠ অসমীয়া ডেকাই উঠি পৰি লাগিছে অসমীয়া ভাষাক বিশ্বদৰবাৰলৈ লৈ যাবলৈ। নব্বৈ দশকৰ শেহৰ পিনে মুৰ দাঙি উঠা কম্পিউটাৰ বিজ্ঞানৰ নতুন বিপ্লৱ ইউনিক’ডৰ আশীৰ্বাদত অকল ইংৰাজী ভাষাই দপদপাই থকা কম্পিউটাৰ জগতখনত আজি প্ৰায় এশৰো অধিক লিপিত বিভিন্ন ভাষাৰে পৃথিৱীৰ সকলো ঠাইতে মানুহে কম্পিউটাৰ ব্যৱহাৰ কৰিব পাৰে। তাৰ ভিতৰত আমাৰ অসম আৰু অসমীয়াইও পিছ পৰি থকা নাই। পৃথিৱীৰ সৰ্ববৃহৎ চাৰ্চ ইঞ্জিন গুগুলত যদি আপুনি আজি “অসম” বুলি অসমীয়াতে লিখি সন্ধান কৰে তেন্তে বিশটাতকৈও অধিক অসম সম্বন্ধীয় প্ৰৱন্ধৰ লিংক পাব। অসমীয়াত সুচলভাৱে লিখিবলৈ অৱশ্যে আপোনাৰ কম্পিউটাৰ বা মবাইল ফ’নত ইউনিক’ড সমৰ্থিত টাইপিঙ সজুলি মজুত থাকিব লাগিব। এইখিনিতে কও, ইউনিক’ড হ’ল এটা পদ্ধতি অৰ্থাৎ এটা ক’ডিঙ চিষ্টেম যাৰ সহায়ত যিকোনো ভাষা বা লিপিতেই কম্পিউটাৰ ব্যৱহাৰ কৰিব পাৰি।
সম্প্ৰতি ইন্টাৰনেটত উপলব্ধ কেইখন মান অসমীয়া মাহেকীয়া ই-আলোচনী হ’ল সাহিত্য ডট অৰ্গ (www.xahitya.org), নিলা চৰাই ( www.nilacharai.com ), আমি অসমীয়া ( www.amiasomiya.org ), স্পন্দন… শব্দৰ পৰা হৃদয়লৈ ( www.spondonsph.com ), সন্ধান ( http://xondhan.com ) ইত্যাদি। তদুপৰি নতুনকৈ আৰু ভালেকেইখন ই-আলোচনী প্ৰকাশ পাইছে। ইয়াৰোপৰি ভালেকেইজন অসমীয়া ব্যক্তিৰ অসমীয়া ব্ল’গ ইণ্টাৰনেটত উপলব্ধ। সকলো বিলাক আলোচনীৰ মূল লক্ষ্য ইণ্টাৰনেটত অসমীয়া ভাষা সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰ। এতিয়া দেশ বিদেশত থকা হেজাৰ হেজাৰ অসমীয়া মানুহে ঘৰত বহি বহিয়ে অসমীয়া ভাষা সাহিত্যৰ চৰ্চা কৰিব পাৰিছে। ইয়াৰোপৰি আন এক উল্লেখযোগ্য ৱেৱচাইট হ’ল অসমীয়া ৱিকিপিডিয়া ( www.as.wikipedia.org ), ই হ’ল এখন মুক্ত বিশ্বকোষ আৰু পৃথিৱীৰ ২৯০ টা ভাষাত উপলদ্ধ, যাৰ ভিতৰত অসমীয়াও অন্যতম। বিশ্বৰ বিভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী লিখকৰ সহায়ত বিনামুলীয়াকৈ ৱিকিপিডিয়াৰ প্ৰৱন্ধ সমূহ লিখি উলিওৱা হয় আৰু যিকোনো মানুহেই ইয়াক সম্পূৰ্ণ বিনামুলীয়াকৈ পাব পাৰে। বৰ্তমান সময়ত প্ৰায় ত্ৰিশ জন মান অসমীয়া মানুহে প্ৰায় দুহেজাৰ প্ৰৱন্ধ অসমীয়া ৱিকিপিডিয়াত লিখি উলিয়াইছে আৰু প্ৰতিদিনে ইয়াৰ সংখ্যা বাঢ়িব লাগিছে। উল্লেখযোগ্য যে যিকোনো মানুহেই ৱিকিপিডিয়াত প্ৰৱন্ধ আদি লিখি এই মহান উদ্দেশ্যৰ অংশীদাৰ হ’ব পাৰে অকল অসমীয়া বুলিয়েই নহয় ইংৰাজী, হিন্দী, সংস্কৃত বা বঙালী আদি যিকোনো ভাষাত, তাৰ বাবে কোনো বিশেষ অৰ্হতাৰ প্ৰয়োজন নাথাকে।
এতিয়া আহো কিছু ফেচবুকৰ কথালৈ। ইণ্টাৰনেটত উপলদ্ধ প্ৰায়ভাগ ই-আলোচনীৰে আৰম্ভনী ফেচবুকৰ যোগেৰে হৈছিল বুলি কলেও কাৰো দ্বিমত নাথাকিব। সম্প্ৰতি ফেচবুকৰ ভালেকেইটা গ্ৰুপতে কিছুমান অসমীয়া মানুহে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ চৰ্চা কৰি আছে। তেওঁলোকৰ বাবে ফেচবুক অকল মনোৰঞ্জনৰ আহিলা নহয়। এনেকুৱা কিছুমান গ্ৰুপৰ পৰাই একো একোখন আলোচনীৰ জন্ম হৈছে। ইয়াৰ ভিতৰত অন্যতম এক গ্ৰুপ হৈছে “অসমীয়াত কথা বতৰা” গ্ৰুপ। ২০১০ চনৰ নৱেম্বৰ মাহৰ ২৭ তাৰিখে কেইজনমান অসমীয়া ডেকাৰ উদ্যোগত এই গোটটিৰ জন্ম হৈছিল ফেচবুকৰ লগতে চাইবাৰ জগতত অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে। সকলো সদস্যয়ে পণ লৈছিল যে তেওলোকে গোটত যি আলোচনা কৰিব অসমীয়া ভাষাত অসমীয়া লিপিৰে লিখি আলোচনা কৰিব আৰু সেই নিয়ম মানি চলি এতিয়া সাত হাজাৰোধিক অসমীয়া মানুহেৰে “অসমীয়াত কথা বতৰা” ফেচবুকৰ ভিতৰতে এটা লেখত লবলগীয়া গোট হৈ পৰিছে। এই গোটৰ উদ্যোগতে ২০১১ চনৰ জুলাই মাহত “সাহিত্য ডট অৰ্গ” বুলি অসমীয়া ই আলোচনী খনৰ জন্ম হয়। চুটিগল্প, সাক্ষাৎকাৰ, কবিতা, দৈনন্দিন, ভিন্নস্বাদ, অনুবাদ সাহিত্য, গ্ৰণ্ঠ আলোচনা, দেশে-বিদেশে, প্ৰৱন্ধ, বোলছৱি, স্বাস্থ্য আৰু মন, ৰহঘৰা, ধাৰাবাহিক আদিৰে সাহিত্য এখনি সৰ্বাঙ্গসুন্দৰ আলোচনী। প্ৰায়ভাগ নতুন লেখকৰে চিন্তাশীল লেখনিৰ মেটমৰা বোজা কঢ়িয়াই প্ৰতি মাহৰ ১৫ তাৰিখে সাহিত্য ডট অৰ্গ প্ৰকাশ পায়। অকল ইণ্টাৰনেটৰ মাজতে আৱদ্ধ নাথাকি সাধাৰণ ৰাইজৰ মাজলৈ ওলাই আহিবলৈ আৰু অসমীয়া ভাষা সাহিত্যক জগত সভালৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতিৰে যোৱা অক্টোবৰ মাহৰ ৫ তাৰিখে এই গোটৰ ন-পুৰণি সদস্য কিছুমান মিলিত হৈ “ভাষা সাহিত্য সন্মিলনী, অসম” নামেৰে এখন সমাজ প্ৰতিষ্ঠা কৰে। সন্মিলনীৰ প্ৰথম প্ৰয়াস হিছাপে “সাহিত্য ডট অৰ্গ” ৰ কিছু নিৰ্বাচিত গদ্যৰ এখনি সংকলন “অসমীয়া সাহিত্যৰ ই-সফুৰা” নামেৰে প্ৰকাশ কৰা হৈছে সম্পূৰ্ণ নতুন লিখকৰ লিখাৰে।
জ্যোতি প্ৰকাশ নাথ
গুৱাহাটী,
[email protected]

Leave a Reply

Your email address will not be published. Required fields are marked *