0 00 1 min 4 yrs 228

 চৰাইৰ দৰে ডেকেৰুৱা মনটোক স্বাধীন লাগে

পৃথিৱীৰ দ্ৰুতবেগী ৰে’লখনৰ বাবে ই জানো সম্ভৱ
তাতে আকৌ সহযাত্ৰী হয়
 জীৱনৰ কত ধুমুহা,সপোন ,সুখৰ মদিৰা আৰু কত বা  কি 
জীৱনটো ইউকেলিপটাচ গছৰ দৰে
  বিচাৰাটো ভুল নহয়
 কিন্তু সময়, পৰিস্থিতি এই চৰিত্ৰবোৰৰ হেঁচাত আমিবোৰ আজিও থৰক-বৰক
হাঁহি নুঠিবই বা কিয় 
ৰজাঘৰীয়াৰ ৰোষত
মোৰ ভনীজনীৰ মগজু মূল্যই ঠাই হেৰুৱাই
স্নেহৰ ভাইটোৱে সাফল্যৰ জখলা পাৰ হ’বলৈ ধৰোঁতেই বলি হয় চক্ৰান্তত আক্ৰান্ত টুপ সংগ্ৰকাৰীৰ
চাল্লা ধিক্কাৰ এই জীৱন
নদীয়ে বিচাৰে বহল বুকুৰ সীমনা
জীৱনে বিচাৰে সুখৰ ঠিকনা
দুচকুৰ ভালপোৱাই
প্ৰাপ্তিৰ এভাৰেষ্টত দীঘলকৈ উশাহ পিন্ধাৰ হেঁপাহটোত হাবুডুবু খাই
অজলা পিতাইটো ঘৰখনৰ গোলাম
আৰু আজলী আইজনীয়ে
নিচুকনি সুৰ বিচাৰি, টোপনিবোৰ বিচাৰি হাতদীঘল
 পুতেকৰ শূণ্যতাই শুৱনি কৰা
 কোঠাটোত হুমুনিয়াহ কাঢ়িছে।
কনমইনা দাস,বেলগুৰি দেৰগাঁও।

Leave a Reply

Your email address will not be published. Required fields are marked *