তুলসী গছ পূজাৰ পৰম্পৰা অতি প্ৰাচীন কালৰ পৰা ভাৰত বষ` তথা পূথিৱীৰ সকলো ঠাইতে চলি আহিছে। ইয়াৰ বিষয়ে টাইলৰ , মনিয়ৰ ইউলিয়াছ আদি মনিষী সকলৰ কিতাপ ত পোৱা য়ায়। ইউৰোপৰ কেণ্ট সকলৰ মাজত ওক গছক পূজা কৰা ৰ ৰীতি পুৰনি কালৰ পৰা দেখা য়ায়। অসমীয়া সমাজত নানা পূজা -পাতল , উৎসৱ অনুষ্ঠান ত তুলসী নিতান্তই প্ৰয়োজনীয় । তুলসী বিষ্ণুৰ পৰিবাৰ । স্নান কৰা ৰ পিছত তুলসী গুৰিত নিতৌ পানী দিয়া পৱিত্ৰ কাম। তুলসী অন্য এটা নাম বেচ্ছা । তুলসী -দশন কৰিলে ভালহয়;আৰু স্পশ কৰিলে পবিত্ৰ হয়। সমগ্ৰ ভাৰতেই তুলসী গুৰিত চাকি দিয়া ৰীতি প্ৰচলিত হৈ আহিছে । কাতি মাহতেই সন্ধিয়া সময়ত তুলসীৰ গুৰিত চাকি দিয়া ৰীতি কৃষি লগত জৰিত। কিছুমানে গোটেই কাতি মাহটোতে সন্ধিয়া সময়ত তুলসী গুৰিত আকাশবন্তি দিয়ে। তুলসী গুৰিৰ মাটিও বৰ পবিএ । বিধবা তিৰোতা সকলে ৰাতিপুৱা ই গা পা ধুই উঠি তুলসী গুৰিৰ মাটিৰে কপালত ফোট লয় । পূজা -শ্ৰাদ্ধ আদি ত দিয়া সামগ্ৰী বোৰ শুদ্ধ কৰিবলৈ ও তুলসী -গুৰিৰ মাটি দৰকাৰ। মৃত্যু সময়ত মানুহ ক তুলসী গুৰিলৈ আনিব লাগে । অসমৰ চাহ বাগিচা ৰ বনুৱা সকলৰ মাজতো তুলসী সমাদৰ দেখা য়ায়। বিভিন্ন দৰবৰ বাবে তুলসী প্ৰয়োজনীয় । উতলা চাহত তুলসী পাত চাহ খালে টনছিল ৰোগ উপশম পোৱা য়ায় । কাহ -কফ , হাপানী আদিত তুলসী পাতৰ ৰস উপকাৰী। আনকি সাপ খেদি বলৈ তুলসী ব্যৱহাৰ কৰা হয়।