0 00 4 yrs 127
     বোকাখাতৰ সাপজুৰিৰ বঙালী গাঁৱত আজি সন্ধ্যা পতিৰ হাতত প্ৰাণ গল পত্নীৰ ৷ চুলাই মদ খাই স্বামী ৰাম ছেত্ৰীয়ে মৰিয়াই হত্যা কৰে পত্নী গীতা ছেত্ৰীক ৷ আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী ৰাম ছেত্ৰীক ৷ পৰিয়ালটোৰ পতি আৰু পত্নী দুয়োজন জনেই চুলাই সেৱন কৰে ৷ আজি পতি ঘৰত নথকাত পত্নীয়ে ঘৰতে অত্যাধিক চুলাই সেৱন কৰে ৷ ইফালে পতিয়েও বাহিৰত চুলাই সেৱন কৰি ঘৰলৈ আহি পত্নীক মাৰধৰ কৰাত ঘৰৰ ভিতৰতেই মৃত্যু হয় পত্নীৰ ৷ জনৈক জামায়ে পৰিয়ালটোক অবৈধ চুলাইৰ যোগান ধৰে ৷
(পপী শইকীয়া )
বোকাখাত

Leave a Reply

Your email address will not be published. Required fields are marked *