0 00 1 min 4 yrs 200

বোকাখাত: ১৩/০৯/২০১৯
     চৰকাৰে নতুনকৈ জাৰি কৰা যান বাহন আইনৰ পাছতো দুচকীয়া বাহন আৰোহীয়ে হেলমেট পৰিধান নকৰাৰ ফলত বোকাখাতত দূৰ্ঘটনা পতিত হৈ এজন নিহত  আৰু এজন আহত।
বোকাখাতৰ 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ লতাবাৰীৰ সমীপত পূৱতি নিশা ভয়ংকৰ দূৰঘটনা।স্কুটি আৰু মালবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ দূৰঘটনাত মহমাইকী গাঁৱৰ দিবাকৰ ৰাজবংশী নামৰ যুৱক জন ঘটনা স্থলিতে নিহত,অন্য হাতে বোকাখাত নগৰৰ 3নং ৱাৰ্ডৰ ৰাহুল দাস গুৰুতৰ ভাবে আহত।ট্ৰাকখনৰ নম্বৰAS-23CC 1251আৰু স্কুটিখনৰ নম্বৰAS-05H6526. ইতিমধ্যে বোকাখাতৰ যান বাহন আৰক্ষীয়ে ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰি আহতজনক বোকাখাতৰ শ্বহীদ কমলা মিৰি চিকিৎসা লয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাই যোৰহাট মেডিকেল কলেজ চিকিৎসা লয়লৈ প্ৰেৰণ কৰিছে।

পপী
বোকাখাত

Leave a Reply

Your email address will not be published. Required fields are marked *