0 00 1 min 4 yrs 212

 ২০-২৫ বছৰ ধৰি বসবাস কৰা ৰাইজৰ বহু বিঘা মৰাপাট খেতি নষ্ট কৰিলে বূঢ়াচাপৰি অভয়াৰন্যৰ বন কৰ্মীয়ে।

অভয়াৰন্যৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দুৰত্বত থকা গুলিৰপাৰত দুদিনত বন বিভাগৰ এটা বৃহৎ দলে কেইখনো ঘৰ দুৱাৰ ভাঙি চুৰমাৰ কৰে।
চৰত থকা মহিলা সকলোকো শাৰিৰিক আৰু মানসিক বাবে অত্যাচাৰ কৰাৰ অভিযোগ।
উল্লেখ যে প্ৰায় ১ মাহ আগতে গুলিৰপাৰ নতুন চৰত মৰাপাট খেতিত দুষ্কৃতিকাৰীয়ে এটি বনৰীয়া ম’হ ক ফান্দ পাতি হত্যা কৰিছিল।
তাৰ পিছৰ পৰাই বন বিভাগে অপৰাধীক বিচাৰি কেইৱাটাও চৰত অভিযান চলাই তিনিজন আচামীক গ্ৰেপ্তাৰ কৰিছিল।
পিছত একাংশ সংবাদ মাধ্যমত অভয়াৰন্যত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে বিভিন্ন অভিযোগ তুলি বাতৰি পৰিবেশন হৈছিল।
চৰ চাপৰি ৰাইজৰ অভিযোগ মতে ,এটা দালাল চক্ৰই দুজন সংবাদ কৰ্মী লগত লৈ বন কৰ্মীৰ হাৰাশান্তিৰ পৰা ৰেহাই কৰাই দিৱ বুলি কৈ চৰ বাসীৰ পৰা ধন দাৱী কৰিছিল ।
চৰ চাপৰি ৰাইজে দালালক ধন নিদিয়াৰ বাবেই সংবাদ কৰ্মীৰ দ্বাৰা খিয়াল খুচি মতে কোনো তথ্য পাতি নোলোৱাকৈ একাংশ সংবাদ মাধ্যমত  ভুৱা বাতৰি প্ৰচাৰ কৰাৰ অভিযোগ তুলিছে গুলিৰপাৰ ৰাইজে।
ভুৱা বাতৰি পৰিবেশন কৰা সাংবাদিক আৰু দালাল চক্ৰটোৰ বিৰুদ্ধে আইনৰ কাষ চাপিৱ বুলি প্ৰকাশ কৰিছে।
আনফালে বনৰীয়া জীৱ-জন্ত্ত হত্যা কৰা দুষ্কৃতীকাৰীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিয়াৰ  দাবী জনাইছে ৰাইজে।
জুৰিয়াৰ পৰা ৰেজাউল ইছলাম

Leave a Reply

Your email address will not be published. Required fields are marked *