0 00 1 min 5 yrs 170
30 APRIL, BOKAKHAT:
মঙ্গলবাৰে  সন্ধ্যা বোকাখাতৰ সাপজুৰিত আইদেউ সন্দিকৈ সোঁৱৰণী  জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহত বঁটা প্ৰদান কৰে অভিনেতাদ্বয় নিপন গোস্বামী আৰু ব্ৰজেন বৰাক ৷২৮,২৯আৰু ৩০ এপ্ৰিলত তিনি দিনিয়াকৈ অনুস্থিত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ প্ৰথম বাৰ্ষিক অধিবেশনৰ অন্তিম দিনটোত বিভিন্ন কাৰ্যসূচীৰ লগতে বোকাখাতৰ বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা ব্যক্তি সকলক সম্বৰ্ধনা জনোৱাৰ লগতে অসম বিশিষ্ট অভিনেতাদ্বয় নিপন গোস্বামী আৰু ব্ৰজেন বৰাক বঁটা প্ৰদান কৰে। বঁটা প্ৰদান অনুষ্ঠানত উপস্হিত থাকি নিজকে ধন্য মনাৰ কথা ব্যক্ত কৰে শিল্পী দুগৰাকীয়ে। জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চই অনাগত দিনত ৰাজনৈতিক মেৰপাকৰ পৰা আতৰি থাকি কাম কৰিগলে জাতীয় একতাবোধ সদায় থাকিব বুলি মতপোষণ কৰে শিল্পী ব্ৰজেন বৰাই। লগতে অসমৰ বোলচবি উদ্যোগটো জীয়াই ৰাখিবৰ বাবে গাওঁ অঞ্চলত মিনি চিনেমা গৃহ নিৰ্মাণ কৰাৰ বাবে চৰকাৰক আহ্বান জনায় শিল্পী নিপন গোস্বামীয়ে।অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জনগোষ্ঠীয় সাংস্কৃতিক দল সমূহে অনুষ্ঠান  পৰিবেশন কৰি সাপজুৰীত এক সাংস্কৃতিক ক্ষেত্ৰলৈ পৰিবৰ্তণ কৰে।
অসমৰ বিভিন্ন জন গোষ্ঠীক একতাৰ বান্ধোনেৰে বান্ধিবৰ বাবে জনগোষ্ঠীয় ঐক্য মঞ্চৰ এনে প্ৰচেষ্টাক সকলোৱে শলাগ লয়।
পপী শইকীয়া
বোকাখাত

Leave a Reply

Your email address will not be published. Required fields are marked *