0 00 1 min 6 yrs 204
*জয় জুবিন দা* গীতটো অাৰম্ভণী বিষয়ে  দু-এষাৰ।
নমস্কাৰ, মই *প্ৰণৱ কুমাৰ দাস* চমুকৈ  *পি.কে*। জুবিন দা বৰ্তমান অসমৰ  এজন শীৰ্ষ স্থানত থকা কণ্ঠ শিল্পী, গীতিকাৰ, সুৰকাৰ, কবি, অভীনেতা, সংগীত পৰিচালক, অসমীয়া চিনেমাৰ পৰিচালক ইত্যাদীৰ উপৰিও এজন সচা অন্তৰৰ শিল্পী অাৰু প্ৰকৃতী প্ৰেমিক। এইজন মহান শিল্পীৰ হৃদয় খন সাগৰৰ দৰে বিশাল। দুখীয়াৰ দুখ তেঁও সহিব নোৱাৰে। সৰুৰে পৰা তেঁওৰ কণ্ঠত অসমীয়া, হিন্দী, বঙালী, চাহ জনজাতীয় ইত্যাদী ইত্যাদী গীত সমূহ শুনি শুনি সংগীতৰ প্ৰতি হেপাহ জাগিছিল মনত। মন যায় তেঁওক ওচৰৰ পৰা এবাৰ লগধৰি তেঁওৰ সৈতে কথা পাতিবলে , কিন্তু সেয়া সময়ে ক’ব। মই যেতিয়া পৰা সংগীত জগতত যোজ পেলাইছিলো, তেতিয়াৰ পৰা মোৰ হেপাহ অাছিল যে এটা অান-কমন গীত ৰচিবলে অাৰু গাবলে; তেনেতে মোৰ ভাত্ৰি স্বৰূপ চিন্তুয়ে মোক এটা প্ৰস্থাপ দি কৈছিল যে *” পি.কে দা তুমি অামাৰ জুবিন দাক লৈ এটি গীত লিখা”*। তাৰ কথাত মই ইমান মন দিয়া নাচিলো যদিঁও এদিন  ত জুবিন দাৰ কিছুমান গুণে মোক গীতটো ৰচাত বাধ্য কৰালে অাৰু মই এদিনৰ অন্তত গীতটোৰ কথা-সুৰ ৰচিব সক্ষম হলো অাৰু তাক শুনালো। সি কৈছিল যে গীতটো ৰাইজদ এদিন নহয় এদিন নিশ্বই অাদৰিব। তুমি গীতটো বেলেগক নিদি নিজে ৰেৰ্কড কৰা। কিন্তু মোৰ অাৰ্থিক দিশত বহুতো দূৰ্বল সেয়ে সাহ কৰিবলে ভয়ো কৰিছিলো। তথাপিও এদিন কিছু টকা হাতত লৈ মোৰ সংগীত গুৰু তথা সংগীত পৰিচালক মহীধৰ ডেকা চাৰক গীতটো শুনালো। তেঁও গীতৰ কথা সুৰত প্ৰশংসা কৰি মোক সাহ দি কলে যে গীতটো কৰা। টকাবোৰ লাহে লাহে দিলেও হ’ব। তেঁওৰ উৎসাহ পাই মই অানন্দত অাত্মহাৰাহৈ গীতটো কৰিবলে অনুপ্ৰেৰিত হলো। দৰাচলতে গীতটোত বহুখিনি কথা সুৰত তেঁওৰো অৱদান জড়িত অাছে। তেনেকৈয়ে মই *২০১৭ চনৰ অাগষ্টত* গীতটো ৰাইজৰ মাজলৈ অাগবঢাবলৈ সক্ষম হলো। বহু জনে গীতটো ভালপাই মোক বিশেষ ভাবে শুভেচ্ছাও জনাইছিল। অাজি এই ঠুৰতে তেঁওলোকলৈ মোৰ বহুত বহুত ধন্যবাদ জনালো। তাৰোপৰি গীতটো ভিডিঅ কৰিবলৈ মোক উৎসাহ যোগাইছিল মোক এজন প্ৰিয় বন্ধু *ভাৰ্গৱ নাথে।*  সেয়ে জমা থকা অলপ টকা মিলাই তাতে মোৰ অাৰু এজন প্ৰিয় ভাতৃ স্বৰূপ (ভিডিঅ টোৰ পৰিচালক *Bipro Jyoti*) সিও  অলপ টকাৰে মোক সহায় সহযোগিতা কৰি অন্তত জয় জুবিন দা গীতটোৰ ভিডিঅ অাকৃতি দিবলৈ মই অাৰু মোৰ টীমটো সক্ষম হলো। শেষত সমূহ অসমবাসীৰ অাশীৰ্বাদ বিছাৰিচো যাতে “জয় জুবিন দা” গীতটো অাৰু ভিডিঅটো সাদৰেৰে অাদৰি লই। অহা মাহৰ *১মে’* দিনাখন ভিডিঅটো মুক্তি দিয়াৰ কথা ভাবিছো।
ধন্যবাদেৰে *”জয় জুবিন দা জিন্দাবান জুবিন দা, তুমি অসম গৌৰৱ তুমি ভাৰত গৌৰৱ তুমি অামাৰ গৌৰৱ জুবিন দা।”*
(প্ৰণৱ কুমাৰ দাস পি.কে)

CLICK HERE FOR MORE NEWS

Leave a Reply

Your email address will not be published. Required fields are marked *