0 00 4 yrs 154

কৃষ্ণচূড়াৰ দেশৰ ধুনীয়া ছোৱালী জনী

পায়নে আপুনি চিনি
খোজ দিছিলো আজি
দেওঁবাৰৰ দিনটোত
গুৱাহাটী বিশ্ববিদ্যালয়ৰ
সন্মুখেৰে যোৱা ফুটপাটত
বহুতো ৰূপৱতী পাৰ হৈছিল কাষেৰে
পাৰ হৈছিল বহুতো পাহুৱাল ডেকা
কিন্তু কিয় জানো 
তাই মোৰ চকুৰ সন্মুখত
হঠাৎ জিলিকিছিল
নাজানো কোন দেশৰ
ৰূপৱতী আছিল তাই
আজি খোজ দিছে
এই কৃষ্ণচূড়াৰ দেশত
নাজানো কি এনে বিশেষত্ব আছে তাইৰ
মোৰ দেখোন মনটো তাইৰ ওচৰলৈ
উৰা মাৰি আছে
তাই খোজ দিছিল অকলে
সেই ফুটপাটত
লগত নাছিল আন কোনো
যেতিয়া পাৰ হৈ গৈছিল মোৰ কাষেৰে
এনে লাগিছিল যেন
মধুৰ ৰোমান্টিক চিন এটাহে আছিল 
সেই মূহুর্তেটো
কিয় জানো
কিয় জানো মন মোৰ উৰি গৈছে 
বাৰে বাৰে তাইৰ কাষলৈ
আপুনি তাইক পায়নে চিনি
কৃষ্ণচূড়াৰ দেশৰ ধুনীয়া ছোৱালী জনী
জিন্টু মণি
(৯১০১৫৮১৫৯০)

Leave a Reply

Your email address will not be published. Required fields are marked *