0 00 4 yrs 228

থাবোৰ  আমি ঢুকি নোপোৱা জোন

নে নকল সোণ
কথাবোৰ ফুলৰ পাহি নে কাঁইট
কথাবোৰ ইস্ত্ৰি কৰোঁতে পুৰি যোৱা
মৰমৰ কাপোৰযোৰৰ আঁচল নে
আকস্মিকভাৱে  খুন্দা খাই নখত পোৱা দুখ
কথাই কি কথা কয় আমাক
কথাই আমাক কয়নে 
যোৱা এইফালেৰেই যাব পাৰি পোহৰলৈ
এনেকৈ যোৱা  পিছলি নপৰিবলৈ
আমিহে কথা কওঁ
ক’ব বিচৰা কথা যিমান কওঁ
নিবিচৰা কথাও সিমানেই কওঁ
 ক’বলৈ বিচৰা কথাবোৰক পুৰি পেলায়
নিবিচৰাকৈ কোৱা কথাৰ ফিৰিঙতিয়ে!
ক’ব বিচৰা কথাবোৰ কি
জাহ যায় ঘৃণাত
অৱজ্ঞাত!
গোটেই কথাবোৰ কথা নহৈ 
সাপ হৈ মেৰিয়াই ধৰে জিভা
ডিঙিত বিষ  ঢালি আঁতৰি যায় অচিন অৰণ্যলৈ
শেষত আমি এটা কথাই ধৰি থাকোঁ
সেই কথাটোৱে আমাক এদিন  এৰি দিয়ে
সেই কথা উশাহৰ
সেই কথা জীৱনৰ
উশাহৰ বিকল্প আৰু একো নাই!
কথাবোৰেও ঘূৰাই আনিব নোৱাৰে উশাহ!
জুপিতৰা নাথ

Leave a Reply

Your email address will not be published. Required fields are marked *