0 00 1 min 2 yrs 217


কৰবা’ত কৃষি বিষয়া,কৰ’বাত বেংক বিষয়া আৰু কৰ’বাত বন্ধন বেংকৰ মেনেজাৰৰ ৰূপত এজন প্ৰৱঞ্চক ।
নাম হৈছে মুকিবুৰ ৰহমান । ঘৰ নগাওঁ জিলাৰ জুৰীয়াৰ লালুং গাঁৱত । ঠগ, প্ৰৱঞ্চনা, প্ৰতাৰণা আৰু দুৰ্নীতি কৰাই তেখেতৰ কাম ।
জানিব পৰা মতে, বিগত দীৰ্ঘদিন ধৰি এই যুৱক জনে নগাঁও জিলাৰ উত্তৰ – পশ্চিমাঞ্চলৰ শ – শ দৰিদ্ৰ লোকসকলৰ পৰা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ নামত অবৈধ বাবে ধন সংগ্ৰহ কৰাৰ লগতে সংগ্ৰহ কৰি আহিছিল নথি- পত্ৰ।

সহজ – সৰল গঞা ৰাইজক বিভিন্ন প্ৰলোভন দি মিঠা – মিঠা কথাৰে বৃহত্তৰ অঞ্চলৰ দুখীয়া ৰাইজক টাৰ্গেট কৰি সহজে ধন ঘটাৰ মাধ্যম হিচাপে নিজৰ কুকৰ্ম চলাই আহিছিল । আৰু পৰৱৰ্তী সময়ত উধাও হৈ পৰিছিল । কিন্তু বৃহস্পতিবাৰে বেচেৰাৰ কপাল খুব বেয়া আছিল । নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত ধিঙ গাঁৱত পুনৰ প্ৰৱঞ্চনাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ নামত ধন আৰু নথি – পত্ৰ সংগ্ৰহ কৰাৰ সময়তে ৰাইজৰ সন্দেহ উপজে । ৰাইজৰ আদালতত বেচেৰা আজি বাৰুকৈ ফচিল । অৱশেষত AS 02 U 5082 নম্বৰৰ মটৰ চাইকেল সহ প্ৰৱঞ্চক জনক ৰাইজে দগাঁও আৰক্ষীক চমজাই দিয়ে । কৰোণাৰ এই সংকটময় সময়ত এনেদৰে গঞা ৰাইজক প্ৰতাৰণা কৰি ধন ঘটা প্ৰৱঞ্চক জনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নগাঁও জিলা প্ৰশাসনক দাবী জনাইছে ধিং গাওঁ বাসী ৰাইজে ।

জুৰীয়াৰ পৰা ৰেজাউল ইছলাম ।

Leave a Reply

Your email address will not be published. Required fields are marked *