0 00 1 min 4 yrs 230
জুৰীয়াৰ লালুং গাওঁ মধ্য ইংৰাজী বিদ্যালয়ত  চূড়ান্ত অৱমাননা জাতীয় পতাকাক। ১৬ আগষ্টৰ দিনা ওঁ উৰি থাকিল জাতীয় পতাকা।
প্ৰধান শিক্ষক খাইৰুল ইছলামৰ গাফিলিতিত সংঘটিত হয় এনে কাণ্ড ।
যোৱা কালি ১৫ আগষ্টৰ দিনা ৰাতিপুৱা  চকীদাৰ বালিৰাম কোৱৰে পতকা উত্তোলন কৰিছিল যদিও আজি ১৬ আগষ্টৰ দিনাওঁ উৰি থাকিল জাতীয় পতাকা।বিদ্যালয় খনৰ পৰা মাত্ৰ ৫০০ মিটাৰ আতৰত থকা বিদ্যালয় খনৰ প্ৰধান শিক্ষকৰ বাসগৃহ তথাপিওঁ যোৱা কালি সময় নোলাল  পতাকা উত্তোলন কৰিবলৈ।
বিদ্যালয় খনত ৯ জন শিক্ষক – শিক্ষয়ত্ৰী থকাৰ পিছতো পতকা উত্তোলন কৰাৰ সময়ত  এজনো  শিক্ষক উপস্হিত নাছিল।শিক্ষক অবিহনে চকীদাৰ বালিৰাম কোৱৰে অকলে পতকা উত্তোলন কৰিছিল।
আজি ও পতাকা উৰি থকাত সচেতন মহলৰ চকু কপালত উঠিছে।
প্ৰধান শিক্ষকৰ এনে কাণ্ড তীব্ৰ গৰিহনা দিয়াৰ লগতে তদন্ত কৰি প্ৰধান শিক্ষক বিৰুদ্ধে বিহিত ব্যবস্হা লোৱাৰ দাবী জনাইছে সচেতন মহলে।
জুৰিয়াৰ পৰা ৰেজাউল ইছলাম

Leave a Reply

Your email address will not be published. Required fields are marked *