0 00 4 yrs 149
২০ এপ্ৰিল , বোকাখাত :
বোকাখাতৰ জুৱাৰ আড্ডাত প্ৰাক্তন সেনা জোৱানৰ গুলী ফুটাই সন্ত্ৰাস ৷ কৈলাখাটৰ ডিফলু নদীৰ পাৰত ধন লুটৰ বাবে প্ৰাক্তন সেনা জোৱান মোহন কছাৰীয়ে চলাইছিল সন্ত্ৰাস ৷ বোকাখাত আৰক্ষীয়ে পিষ্টল সহ গ্ৰেপ্তাৰ কৰিছে প্ৰাক্তন সেনা জোৱান সহ জুৱাৰী ৰাজা সূত্ৰধৰ আৰু ইন্দুপৱন শইকীয়াক ৷
বোকাখাত আৰক্ষীৰ চকুৰ আগতেই বিভিন্ন ঠাইত চলি থকা জুৱাৰ আড্ডাত সংঘটিত হৈছে অঘটন ৷ নুমলীগড়ৰ ৰৌদুৱাৰ নিবাসী প্ৰাক্তন সেনা জোৱান মোহন কছাৰীয়ে আজি কৈলাখাতৰ ডিফলু নদীৰ পাৰত চলা মুক্ত জুৱাত জুৱাৰীৰ পৰা ধন লুন্ঠনৰ বাবে শূণ্যলৈ গুলী চলাই সন্ত্ৰাস সৃষ্টি কৰে ৷ বোকাখাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুৱাৰী কলাখোৱা নিবাসী ৰাজা সূত্ৰধৰ আৰু কাজিৰঙা চেপেনাকোবোৱাৰ ইন্দুপৱন শইকীয়াক আটক কৰাৰ পাছতেই বন্দুক সহ মোহন কছাৰীকো গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে তিনিওৰে ওপৰত ৯০/ ১৯ নম্বৰ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৮ আৰু আৰ্মচ এক্টৰ ২৫ নম্বৰ ধাৰা ৰুজু কৰি আদালতলৈ প্ৰেৰণ কৰিছে ৷ ৰাজ্যখনত নিৰ্বাচনী আচৰণ চলি থকা সময়তো কি দৰে জোৱান জনৰ হাতত পিষ্টল জমা থাকিল সেই বিষয়টোহে চৰ্চাৰ বিষয় হৈ পৰিছে।
পপী শইকীয়া 
বোকাখাত।

Leave a Reply

Your email address will not be published. Required fields are marked *