মৰমৰ ধুনককাইটি,
তোমাৰ সোণপাহিৰ এসোপামান মৰম ল’বা।বহুদিন হ’ল খবৰেই পোৱা নাই,মনটো বেয়া লাগি আছে।কিবাকিবি কথাবোৰ মনলৈ আহি থাকে।মায়ে মাতি থাকিলেযে কেতিয়াবা গমেই নাপাঁও তোমাৰ কথাকে মনলৈ আহি থাকে।জানো অ’ মই ,কামত ব্যস্ত আছা। তথাপিও মনৰ মানুহটোৰ কথা মনত পৰিবই দিয়াচোন….তোমাৰ কামবোৰ নিয়াৰিকৈ কৰিছানে,মই জানো তুমি পাৰিবা !!!
জানানে ককাইটি,নতুনকৈ গামোছা এজোঁটি লগাইছো। বিহু পালেহিয়েই নহয়…তোমালৈ ডাঙৰ ফুলৰ এখন বৈছো,তাত সৰু সৰু গুণাৰ বুটা বাচিছো বিহুত সেইখনেই লৈ হুচৰি গাবলৈ যাবা দেই।আৰু কি জানা ,আমাৰ গোটৰ কাম থিকেই চলিছে ,লাভ ও হৈছে।মাক কৈছো এইবাৰ বন্ধন গোটৰ লোণ ল’ব নালাগে।এই গোটবোৰে তুমি কোৱাৰ দৰে মানুহবোৰক জুৰুলাহে কৰিছে।
জানা, এইবাৰ আমাৰ মঞ্চত বিহু পতাৰ কথা আলোচনা চলি আছে ….ভালেই হ’ব ,তুমিও আহিবা !!এইবাৰ তুমি ঢোল বজাব লাগিব,নবজালে নহব কিন্তু ………।তোমাৰ পৰা চিঠি পোৱা বহু দিনেই হ’ল। যোৱাবাৰ দিয়াখনত যে তুমি লিখিছিলা,”মই তোক বহুত ভাল পাঁও অ’ সোণপাহি” ।মোৰ যে কিমান ভাল লাগিছিল ।ফুৰ্ত্তিতে চকুপানীয়ে ওলাই গৈছিল,সাউৎকৈ মোহাৰি থ’লো।তুমি আকৌ বেয়া পোৱা নহয় মই কান্দিলে, বুকুখন বিষাই বুলি কোৱা। তুমি দুখ পোৱা কাম মই নকৰোঁ।
তোমাৰ কথা সুধিছিল তোমালোকৰ মায়ে আজি,”খৱৰ লৈছ নাই” বুলি,মোৰ লাজ লাগি গৈছিল জানা আৰু লগতে বেজাৰো। বৰমা-বৰতালৈ খৱৰ পঠিয়াবা।ঘৰৰ কথা বেছিকৈ চিন্তা কৰি নাথাকিবা,সকলো থিকে আছে।তুমি কামবোৰ কৰি সোনকালে আহিবা ,মই বাট চাম…….।
অ’ শুনাচোন, কামৰ মাজতে সুৰুঙা উলিয়াই খাই ল’বা,তুমি আকৌ কাম কৰিলে খোৱা-বোৱা পাহৰি যোৱা নহয়। তুমি অহাদিনা তুমি ভালপোৱা নাৰিকলৰ লাৰু বনাই থ’ম দেই। পদূলিতে ৰৈ থাকিম তোমালৈ বাট চাই…….। আজিলৈ সামৰিছো।
ইতি
তোমাৰ সোণপাহি