নোৱাৰিলো তোমাৰ জীৱনৰ
খৰিকাজাই জোপাহৈ ফুলিব
কিন্তু মন মোৰ আছিলে!
ৰাতিপুৱাৰ হেঙুলি বেলিৰ
ৰক্তিম আভা হৈ তোমাৰ জীৱনত
ৰঙা আবিৰ সনাৰো মন আছিলে!
কিন্তু কি কৰিবা ..সময়ৰ
গতিশীলতাত যেন থমকি ৰ’লো
মই এটোপাল নিয়ৰ হৈ…
২
তোমাৰ অনুপস্থিতিয়ে বাৰুকৈয়ে
দগ্ধ কৰে মোৰ হিয়া…
প্ৰতিটো মূহুৰ্তত এটাই মাথো শান্তনা
তুমি আহিবা উভতি পুনৰ…
তোমাৰ কবিতাৰ মাজতে জীয়াই
আছো জানা এতিয়াও…
কিন্তু তোমাক পুনৰ আকোৱালি
লোৱাৰ বাবে নহয়…
তোমাৰ কবিতাই তোমাৰ মৰম
সূচাই সঁচা!
কিন্তু তাৰ লগতে মনত পেলাই তুমি কৰা
হেজাৰটা বিশ্বাসঘাটকতাৰ কথা…
৩
আজি বহুদিন ধৰি বকুলজোপাৰ
তলতে ৰৈ আছো…
তুমিহীনতাৰ দুখত নহয় মাথো
নিজকে বিচাৰি নোপোৱাৰ দুখত…
নিয়ৰত তিতা শেৱালী দেখিলে
আজিও তোমালৈ মনত পৰে…
গুঠি আনিছিলা নহয় মোৰ
খোপাত লগোৱাৰ বাবে…
সময় বৰ গতিশীল নাজানো
কাৰ অভিশপ্ত দৃষ্টিৰ বাবে…
✍🏻 টিউলিপ