
টীয়কত পুনৰ সাংবাদিকক ভাবুকি ।জেষ্ঠ্য সাংবাদিকক নিশা ঘৰত গৈ চাৰিজনীয়া দুৰ্বৃত্তৰ ভাবুকি ৷ টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিলৰাজ্যত ক্ৰমাৎ সাংবাদিক নিগ্ৰহৰ ঘটনা বৃদ্ধি হোৱাৰ সময়তে পুনৰ টীয়কত সংঘটিত হৈছে সাংবাদিকক ভাবুকি প্ৰদানৰ এক ঘটনা ৷ খবৰ অনুসৰি টীয়ক আৰক্ষী থানাৰ অধীনৰ জাঁজী হাঁহচৰা অঞ্চলৰ অসমৰ এখন আগশাৰী দৈনিক বাতৰি কাকতৰ স্থানীয় সাংবাদিক ধ্ৰুৱজ্যোতি ভট্টাচাৰ্যক যোৱা ৩০ আগষ্ট নিশা প্ৰায় ১১.৩০ বজাত চাৰিজনীয়া এটা দুৰ্বৃত্তৰ দলে সাংবাদিক গৰাকীক আহি নিজ ঘৰতে ভাবুকি প্ৰদান কৰি যায় ৷ উল্লেখযোগ্য যে ৰাইজৰ অভিয়োগৰ ভিত্তিত এগৰাকী চিকিৎসাকৰ ডিগ্ৰীৰ বৈধ্যতাৰ সন্দৰ্ভত সাংবাদিক গৰাকীয়ে এক অনুসন্ধান চালাই আছিল কিছু দিনৰ পৰা ৷ আজি এই ভাবুকি প্ৰদানৰ সময়ত এই দুৰ্বিত্তৰ দলটোৱে উক্ত ডাক্তৰ ৰাহুল শংকৰ বৰুৱাৰ সন্দৰ্ভত সাংবাদিক গৰাকীক আৰু লাগি নাথাকিবলৈ ভাবুকি প্ৰদান কৰি যায ৷ ইতিমধ্যে দলটোৰ ভিতৰৰ এজনক জাঁজী জামুগুৰিৰ অঞ্চলৰ পৰাণ কটকী বুলি চিনাক্ত কৰিছে ৷ আৰু স্থানীয় টীয়ক আৰক্ষী থানাত এখন এজাহৰ দাখিল কৰিছে৷ আৰক্ষীযে প্ৰাৰম্ভিক আনুসন্ধান আৰম্ভ কৰিছে ৷সংবাদ দাতাঃ দেৱজিৎ ।