0 00 1 min 3 yrs 231


টীয়ক FRU ত নাই পৰ্যাপ্ত চিকিৎসক । ৰোগীৰ গাতো পৰে বৰষুণৰ পানী ।
ক’ভিড-১৯ মহামাৰীয়ে যি সময়ত সমগ্ৰ ভাৰত বৰ্ষৰ লগতে সমান্তৰালকৈ ৰাজ্যতো বিভীষিকা আনিছে দেশৰ কেইবাখনো ৰাজ্যত লক ডাউন দিব লগা হৈছে সেই সময়তে অসমতো ক্ৰমাৎ গনসংক্ৰমন অব্যাহত আছে ৷ ৰাজ্যৰ নগৰ অঞ্চলৰ সমান্তৰাল ভাৱে গ্ৰাম্যাঞ্চল আৰু চাহ বাগিছা অঞ্চলতো ক্ৰমাৎ গতি লৈছে গণসংক্ৰমনে ৷ সেই লৈ ৰাজ্যৰ গ্ৰাম্য স্বাস্থ্য সেৱা কিমান সবল সেই বিষয়ে টীয়ক Hourly times ৰ সাংবাদিক উপস্থিত হৈছিল টীয়কৰ অন্যতম স্বাস্থ্যকেন্দ্ৰ টীয়ক এফ.আৰ. ইউ (FRU) ত ।
কিয়নো এইখনেই হ’ল বৃহত্তৰ টীয়কৰ গ্ৰাম্য স্বাস্থ্য সেৱাৰ অন্যতম কেন্দ্ৰ কিন্তু চিকিৎসালয় খনৰ দুৰ্বল আন্তঃগাঠনি । চিকিৎসকৰ অভাৱৰ কথা স্পষ্ট ভাৱে প্ৰকাশ কৰে চিকিৎসালয় খনৰ ভাৰাপ্ৰাপ্ত চিকিৎসক গৰাকীয়ে ৷
বৰষুণৰ বতৰত ৰোগীৰ গাত পানী পৰাৰ দৰে দুৰ্বল আন্তঃগাঁথনিয়ে অসমৰ স্বাস্থ্য বিভাগৰ পঁয়া লগা স্বৰোপটো বাৰুকৈয়ে প্ৰকাশ কৰা নাইনে ৷

(দেৱজিৎ )

Leave a Reply

Your email address will not be published. Required fields are marked *