
এক ফুল দৌ মালি।
ডবকাত তিনি সন্তানৰ পিতৃৰ প্ৰেমত বাল্টিয়ে-বাল্টিয়ে পানী খাইছে এটা সন্তানৰ মাতৃয়ে।
হোজাই জিলাৰ ডবকাত সংঘটিত হৈছে এই ঘটনা।
তিনিটা সন্তানৰ পিতৃ বাপ্পী দাস নামৰ লম্পট জন পেচাত এজন পেন্ডেল দোকানী।
বিভিন্ন উৎসৱ-পাৰ্বন আদিত পেন্ডেল আদি ভাড়া দিয়ে।
তেওঁ যোৰহাটৰ বাসিন্দা যদি ও যোৰহাটৰ পৰা অজ্ঞাত কাৰণত আহি ডবকাৰ কুৰকুট বস্তি নামৰ গাওঁৰ নিজ শহুৰেকৰ ঘৰত থাকি ব্যৱসায় চলাইছে ।
ইয়াৰ মাজতে ডবকা হাৰ গাঁৱত পেন্ডেলৰ কামত গৈ চিনাকি হয় এগৰাকী বোৱাৰীৰ সৈতে যাৰ এটি কন্যা সন্তানো আছে ।
তাৰপাছৰপৰাই আৰম্ভ হয় দুয়োৰে মাজত প্ৰেমৰ গভীৰ সম্পর্ক।
দীৰ্ঘ দিন দুয়োৰে মাজত চলিল গোপন প্ৰেম।
অৱশেষত প্ৰেমৰ বাস্তৱ ৰূপ দিয়াৰ কথা ভাবিল তেওঁলোকে ।
লম্পট বাপ্পী দাসে ডবকা বেঙ্কলৈ অহা সময়তে বোৱাৰী গৰাকীক পলুৱাই লৈ যায়।
পাছত স্থানীয় ৰাইজে তিনি সন্তানৰ পিতৃ বাপ্পী দাস আৰু এটা সন্তানৰ মাতৃ গৰাকীক ডবকা আৰক্ষীক চমজাই দিয়ে।
বোৱাৰী গৰাকীৰ স্বামীয়ে কণমানি কন্যা সন্তানটিৰ মুখলে চাই সকলো লাজ অপমান প্ৰৰিহাৰ কৰি ডবকা থানাৰ পৰা পত্নীক চমজি নি পুনৰ সংসাৰ আৰম্ভ কৰে।
তাৰ ঠিক ৫ দিনমান পিছত দিনৰ প্ৰায় ১১ বজাত নিজৰ সকলো নথি পত্ৰ সহ বোৱাৰী গৰাকী ঘৰৰ পৰা পলাই অজ্ঞাত ঠাইত আত্মগোপন কৰে।
আনফালে তেওঁক বিছাৰি নাপাই স্বামীয়ে ডবকা থানাত এখন এজাহাৰ দাখিল কৰে ।
আনফালে বোৱাৰী গৰাকীৰ পিতৃয়ে অভিযোগ কৰা মতে বিভিন্ন ভয় আৰু প্ৰলোভন দি বাপ্পী দাসে এই ঘটনা সংঘটিত কৰিছে ।
সংবাদ দাতাঃ সহদেৱ , ডবকা ।