
আজি কলেজত ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হয়৷ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সাধাৰণ সম্পাদক ইক্ৰামুল হুছেইন সহ ১১ জনকৈ ঐক্য সেনা অসমৰ সমৰ্থীত প্ৰাৰ্থীয়ে জয়লাভ কৰে৷ডবকা হাজী আনফৰ আলী কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ঐক্য সেনা অসমৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ পিছত কলেজৰ চৌহদত এক আনন্দময় পৰিৱেশৰ সৃষ্টি হয়৷ উল্লেখ যোগ্য যে ডবকা হাজী আনফৰ আলী কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত মুঠ ১৩ টাকৈ পদৱীত প্ৰাৰ্থী সকলে মনোনয়ন দাখিল কৰিছিল ৷ তাৰে ১১ টাকৈ পদত ঐক্য সেনা অসমৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰে৷সভাপতি কৰিম উদ্দিন আৰু উপ-সভাপতি হিচাপে মুনজিৰ কামাল তালুকদাৰে জয়লাভ কৰে৷
সুমন ভৌমিক