0 00 3 yrs 294

ৰাজ্যত দৈনিক বৃদ্ধি হ’ব ধৰিছে মাৰাত্মক ড্ৰাগছৰ প্ৰাদুৰ্ভাৱ৷ঠায়ে ঠায়ে গঢ় লৈ উঠা দৃষ্টিগোচৰ হ’ব ধৰিছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা৷আংশিক লক্‌ডাউনৰ উক্ত সময়চোৱাত বহুসংখ্যক স্বাৰ্থলোভিয়েই নামি পৰা পৰিলক্ষিত হৈছে এই নিষিদ্ধ বেহা তথা বহু যুৱক যুৱতিও সোমাই পৰিছে এই মৰাত্মক ড্ৰাগছৰ গ্ৰাসত৷সেয়েহে, আজি গোলাঘাট আৰক্ষীয়ে মৰাত্মক ড্ৰাগছ সেৱনকাৰী সকলক উদ্দ্যেশি এক সজাগতামূলক কাৰ্য্যসূচী ৰূপায়ন কৰা দৃষ্টিগোচৰ হয়৷ আজি গোলাঘাট আৰক্ষীৰ সৌজন্যত গোলাঘাট নগৰৰ মাজমজিয়া বাটা পইন্টত গোলাঘাটৰ ভিন্ন স্থানৰ যুৱক যুৱতি তথা সমাজৰ লোকসকলক মৰাত্মক ড্ৰাগছত গ্ৰাহত এজন লোক বন্দী হোৱাৰ প্ৰকৃয়া আৰু এই ফান্দত নপৰিবলৈ সচেতন তথা সজাগ হৈ থাকিবলৈ আহ্বান জনাই৷তেওলোকে জনাই যে ,ড্ৰাগছ বেপাৰীয়ে প্ৰথমে এজন লোকক বিনামূলীয়া ড্ৰাগছ বিতৰণ কৰে আৰু পিছলৈ লোকজন যেতিয়া ড্ৰাগছৰ গ্ৰাহত মতলীয়া হয় তেতিয়াই তেও সেই ড্ৰাগছ লাভ কৰিবলৈ যিকোনো দুঃস্কৰ্ম কাম কৰিব পৰা হয় আৰু পৰ্য্যায়ক্ৰমে সামাজিক ব্যাধি হিচাপে পৰিগণিত হৈ পৰে৷আৰু সেয়ে এই ড্ৰাগছৰ পৰা যিমান পাৰি আঁতৰত থাকিব লাগে৷ লগতে আৰক্ষীয়ে অসমৰ বাহিৰত কৰ্ম কৰিবলৈ আগ্ৰহী সকলক অনুৰোধ কৰে যাতে তেওলোকে অচিনাকী বা দুদিন ফৌনত চিনাকী ব্যক্তিৰ সহযোগিতাত বৰ্হিঃৰাজ্যলৈ ঢাপলি নামাৰে কিয়নো এনে এচাম কুচক্ৰৰ লোক পৰ দি ৰৈ আছে প্ৰথমে মিঠা মাতেৰে আপোনাৰ অন্তৰ জয় কৰি আপোনাক লৈ যাব আৰু পিচলৈ আপোনাক তেও নিজ স্বাৰ্থত ব্যৱহাৰ কৰাৰ লগতে বিক্ৰিও কৰিব পাৰে৷গতিকে ৰাইজ সচেতন হওঁক আৰু সজাগ হওঁক৷

Leave a Reply

Your email address will not be published. Required fields are marked *