0 00 1 min 3 yrs 155

লিজাৰ কেঁচা মঙহবোৰত,

বক্ষৰ কেঁচা তেজৰ চেঁকুৰাবোৰত
পাব পাৰা যদি
তোমালোকৰ বহেমিয়ানবোৰ
তেন্তে
মোৰ, তোমালোকক
ক’বলৈ একোৱেই নাই………….
কেঁচা তেজৰ বিনিময়ত
তোমালোকে যদি দেখা পোৱা
শান্তিৰ কপৌজনী
তেন্তে
মোৰ, তোমালোকক
ক’বলৈ একোৱেই নাই
মইতো জানো
হালধীয়াৰ পিছত সেউজীয়াৰ
ট্ৰেফিক জামৰ কথা
শুন্যত ওলমি থকা চৰাইটিয়ে জানে
শুন্যতাৰ ক্লেশ
মই মাথো
এটাই কথা কওঁ শুনা,
মোৰ তোমালোকক ক’বলৈ
একোৱেই নাই………………
একোৱেই নাই……….
একোৱেই নাই……….

Leave a Reply

Your email address will not be published.