0 00 1 min 6 yrs 196
_____________
মই তোমাক ভালপাওঁ
তুমি সেয়ে ধুনীয়া
তুমি মোৰ প্ৰেমৰ প্ৰস্তাৱ
প্ৰত্যাখান কৰিছা বাৰে বাৰে
সেয়েহে চাগৈ মোৰ কবিতাবোৰো ধুনীয়া
( পাঠকৰ দৃষ্টিত )
তোমাক লৈ লিখা
মোৰ কবিতাবোৰ তুমি নপঢ়া
তোমাৰ যুক্তি ধুনীয়া
যাদৃচ্ছিক জীৱন শৈলীৰ মাজতো
সঘনাই মনত পৰি থাকে তোমালৈ
তোমাৰ সতে  কথা হ’বলৈ মন যায়
আচলতে তোমাৰ মাতটো শুনিবলৈ মন যায়
বাৰে বাৰে পকেটৰ পৰা মোবাইল উলিয়াওঁ
ডায়েল কৰো তোমাৰ নম্বৰত
এবাৰো নধৰা
কিযে  তুমি !
তোমাৰ এই দৰ্শন ধুনীয়া
আজি আকৌ তোমাৰ নামেৰে
মোৰ প্ৰেম বদনাম
হে ইশ্বৰ !
মোৰ বাবে
এই সময় ধুনীয়া
______________
✍ দীপ হেষ্টিংছ্ বৰি
       গোলাঘাট-৭৮৫৬১
         ৯৮৬৪০৯৪৬০০

Leave a Reply

Your email address will not be published. Required fields are marked *